কৃত্ৰিমতাই চুব নোৱাৰা মানুহজন ।
আধুনিকতাই ভুলাব নোৱাৰা মানুহজন ।
আধুনিক জাক্-জমকতাৰ মাজত নিজক বিলীন কৰি নিজৰ শিপাডাল পাহৰি নোযোৱা মানুহজন ,
নিজৰ সমষ্ট থাকিও সাধাৰণ মানুহৰ দৰে থাকে ।
এতিয়াও তেওঁৰ সাৰথি ৰেডিঅ' আৰু চাইকেলখন ।
গাঁৱৰ সুবাসে মতলীয়া কৰে তেওঁক ।
গাঁৱৰ বোকা-পানী খচকি কাম কৰি , ৰং কৰি ভাল পায় তেওঁ ।
কোমল-চাউল ,দৈ ,চিৰা ,পিঠা খাই আনন্দ পায় তেওঁ ।
চহৰৰ শব্দবোৰৰ মাজত থাকি বৰ কষ্ট পায় তেওঁ ।
টি.ভি. ,মোবাইল ,ইন্টাৰনেট ইত্যাদিৰ লগত কেতিয়াও মিতিৰালি নাই তেওঁৰ ।
সামৰ্থ থকাৰ পাছটো নিজৰ মাজত সকলো জাক্-জমকতা ত্যাগ কৰা মানুহজন ।
সকলোতকৈ বেলেগ তেওঁ
শ্ৰী উৎপল দাস
কুৰুৱাবাহী , বোকাখাত
আপোনাৰ কবিতা বোৰ পঢ়ি বহুত ভাল লাগিল।কবিতা বোৰে মনটোক চুই যায়।
ReplyDelete