বিখ্যাত হ'বলৈ হ'লে ...

✍️ডাঃ মৃন্ময় কুমাৰ নাথ
                      টংলা গ্রাম্য চিকিৎসালয়।

জীৱনত ডাঙৰ বা বিখ্যাত হােৱাৰ সপােন সকলােৱে দেখে । কিন্তু এই সপােন দিঠকত পৰিণত কৰিবলৈ কিমানজন মানুহ সক্ষম হয়  সেয়াহে বিচাৰ্য্যৰ বিষয় । এতিয়া প্রশ্ন হয় , ডাঙৰ বা বিখ্যাত হােৱা বুলিলে আমি কি বুজো ? সাধাৰণতে ভাল কামেৰে জীৱনত প্রতিষ্ঠা লাভ কৰাৰ লগতে সমাজত স্বকীয়তাৰে উজলি উঠি সকলােৰে মাজত জনাজাত তথা আদর্শনীয় ব্যক্তিৰূপে পৰিচয় দাঙি ধৰিব পৰা জনকেই আমি ডাঙৰ বা বিখ্যাত লােক বুলি কওঁ । এই ক্ষেত্ৰত 'বিখ্যাত' বা 'ডাঙৰ’ শব্দ দুটা যােগাত্মক ৰূপতহে ব্যৱহাৰ কৰা হৈছে । ভুল পথ বা বেয়া কাম অথবা অপৰাধমূলক কাম কৰি জনজাত হােৱা জনক কুখ্যাত বুলিহে কোৱা হয় । বিখ্যাত বা ডাঙৰ আখ্যা দিয়া নহয়। সেই দৃষ্টিভংগীৰে আমি ক'ব পাৰাে যে এজন ডাঙৰ মানুহ বা বিখ্যাত মানুহ হােৱাৰ লক্ষ্য সকলােৰে থাকে । কিন্তু বহুতেই এই লক্ষ্যত উপনীত হ'ব নােৱাৰে । কিয়নাে জীৱনত প্রতিষ্ঠা লাভ কৰি ডাঙৰ বা বিখ্যাত লােক হােৱাৰ পথ মসৃণ নহয়। বৰং ক'ব পাৰি এই পথ কণ্টকাকীর্ণ । পদে পদে বাধা , বিপদ-বিঘিনি প্রতিকূল পৰিৱেশ আদি বহু কেইটা বিষয়ে এজন লােকৰ প্রতিষ্ঠা লাভ কৰাৰ পথ ৰূদ্ধ কৰি দিয়ে । তথাপিও কিন্তু সকলাে বাধা-বিঘিনি বা প্রতিকূল পৰিস্থিতিৰ মাজেৰেও বহুলােকে জীৱনত প্রতিষ্ঠা লাভ কৰি ডাঙৰ বা বিখ্যাত লােক হিচাপে সমাজত নিজৰ চিনাকি গৌৰৱেৰে দাঙি ধৰিবলৈ সক্ষম হৈছে । সৰুৰে পৰাই যদি আমি কঠোৰ পৰিশ্ৰম , একান্ত সাধনা তথা অধ্যৱসায়েৰে আমাৰ ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ প্রচেষ্টা হাতত লওঁ আমি নিশ্চিত ভাবেই সফলতা লাভ কৰিব পাৰিম আৰু তাৰ বাবেই সকলােৰে সহায় হােৱাকৈ জীৱনৰ লক্ষ্যত উপনীত হৈ ডাঙৰ বা বিখ্যাত হােৱাৰ বাবে প্রয়ােজনীয় কিছু কৌশল এই লিখনিত উল্লেখ কৰিব বিচাৰিছাে । উল্লেখযােগ্য কথা এই যে , এই কৌশলবােৰ জীৱনৰ যিকোনাে স্তৰৰ লােকৰ ক্ষেত্ৰতেই প্রযােজ্য বা গুৰুত্বপূর্ণ , যিসকলৰ জীৱনত ডাঙৰ বা বিখ্যাত হােৱাৰ সপােন আছে । ইয়াৰ বাবে সকলােৱে অসমীয়া বর্ণমালাৰ “প” আখৰটিক বিশেষভাৱে বা একমাত্র প্রাধান্য দিব লাগিব । যি “প” আখৰেৰে সফল জীৱনৰ বাবে অপৰিহাৰ্য্য উপাদানবােৰ আৰম্ভ হৈছে । জীৱনৰ সফলতাৰ বাবে প্রথমেই আমাৰ বাবে অতিকে প্রয়ােজনীয় “প্রত্যাশা” (expectation)। সকলােৰে মনত বা অন্তৰত ডাঙৰ মানুহ বা বিখ্যাত মানুহ বা ভাল মানুহ বা প্রতিষ্ঠিত মানুহ হােৱাৰ প্রত্যাশা থাকিব লাগিব । তেতিয়াহে এজন মানুহে জীৱন পথত সেই প্রত্যাশা বুকুত বান্ধি আগবাঢ়িব পাৰিব । মনৰ মাজত বা বুকুত প্রত্যাশা জন্ম হােৱাৰ পিছতে সফলতা লাভৰ বাবে লাগিব সেই প্রত্যাশাক বাস্তৱায়িত কৰাৰ বাবে এক প্রতিজ্ঞা (promise)। মনৰ মাজত এক প্রতিজ্ঞাৰ জন্ম দিলেহে প্রত্যাশাক আগবঢ়াই লৈ যাব পৰা যায় । 

      জীৱনত সফলতা লাভৰ অন্য এক গুৰুত্বপূর্ণ উপাদান হৈছে প্ৰেৰণা (inspiration)। প্ৰেৰণা পালেহে জীৱন পথত সকলাে বাধা আঁতৰাই আগবাঢ়িব পাৰি , যি প্রেৰণাই প্ৰতিটো ক্ষেত্ৰতে নিজৰ 
লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে সকিয়াই থাকে । অৱশ্যে এই প্ৰেৰণাৰ কোনাে নির্দিষ্ট সংজ্ঞা বা কোনাে নির্দিষ্ট বিষয়বস্তু নাই । যিকোনাে ঘটনা বা যিকোনাে ব্যক্তি বা যিকোনাে বিষয়বস্তুয়েই মানুহৰ জীৱনৰ প্ৰেৰণা হ'ব পাৰে । ইয়াৰ পাছতে আমাৰ প্রতিষ্ঠা লাভৰ অন্য এক উপাদান হৈছে “প্রত্যয়" (confidence) যাক অন্য অর্থত আমি আত্মবিশ্বাস বুলি ক'ব পাৰাে । আত্ম বিশ্বাস নাথাকিলে কোনাে মানুহেই জীৱনত কোনাে কামতেই সফলতা লাভ কৰিব নােৱাৰে । এইবােৰৰ লগতে আমাৰ সফলতাৰ বাবে আন এক গুৰুত্বপূর্ণ উপাদান হৈছে “পৰিকল্পনা” (planning)। জীৱনৰ লক্ষ্য স্থিৰ কৰাৰ পাছত , সেই লক্ষ্যত উপনীত হ'বলৈ কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰ বাবেই লাগিব এক সুনির্দিষ্ট "পৰিকল্পনা” । পৰিকল্পনা নকৰাকৈ কোনােৱেই কোনাে ক্ষেত্ৰতে মসৃণভাৱে আগবাঢ়ি যাব নােৱাৰে । এক সুখী সফল জীৱনৰ বাবে এক সুনির্দিষ্ট লক্ষ্য স্থিৰ কৰি এটা সুন্দৰ পৰিকল্পনা কৰাৰ পিছত আমাৰ বাবে প্রয়ােজনীয় হৈ পৰিব সেই পৰিকল্পনা মতে আগবঢ়াৰ প্ৰস্তুতি বা প্রয়াস (preparation)। এক সুশৃঙ্খলিত প্রস্তুতি
অবিহনে কোনাে পৰিকল্পনা বাস্তৱায়িত কৰিব নােৱাৰি। লাগিলে সেই পৰিকল্পনা যিমানেই সুন্দৰ পৰিকল্পনা নহওঁক কিয় ? প্রয়াস বা প্রস্তুতিৰ পিছতে আমাৰ দৰকাৰী অইন এক উপাদান হৈছে ‘পল' বা অন্য অর্থত 'সময়' (time)। সময় আমাৰ সকলােৰে বাবে অমূল্য । প্রতিটো ক্ষেত্রতে বা প্রতিটো মুহূর্ততে আমি সময়ৰ গুৰুত্ব উপলব্ধি কৰিব লাগিব । আমাৰ অলপ সময়ে যাতে অবাবত খৰচ নহয় সেইটো নিশ্চিত কৰিব পাৰিলে আমি কৰিবলগীয়া কামবােৰ সুনিৰ্দিষ্ট সময়ত সম্পন্ন হৈ উঠিব ।
ওপৰত উল্লেখ কৰা আমাৰ জীৱনত সফলতা লাভৰ বাবে প্রয়ােজনীয় উপাদানবােৰৰ স'তে অন্য এক গুৰুত্বপূৰ্ণ 'প' জড়িত হৈ আছে । সেয়া হৈছে জীৱনৰ সফলতাৰ বাটত বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত অহা “প্রত্যাহ্বান” (challange)। আমি যদি এই প্রত্যাহ্বানক গ্রহণ কৰি সাহসেৰে এই প্রত্যাহ্বানৰ মুখামুখি হৈ প্ৰত্যাহ্বান নেওচি সমুখলৈ আগুৱাই যাব পাৰাে আমাৰ সফলতা নিশ্চিত হৈ উঠিব । কিয়নাে প্রত্যাহ্বানৰ ওচৰত নতশিৰ নহৈ প্রত্যাহ্বানৰ স’তে যুঁজি যােৱাজনেই সদায় জয়ী হ'ব পাৰে । তাৰ পাছতেই আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠিব "প্রতিযােগিতা” ৰ (competition। অর্থাৎ প্রত্যেকেই নিজৰ বুকুৰ মাজত এক প্রতিযােগিতামূলক মনােভাৱৰ জন্ম দিব লাগিব। এক প্রতিযােগিতামূলক মনােভাৱ নহ'লে জীৱনত সফলতা লাভ কৰাটো কেতিয়াও সম্ভৱ নহয়। কাৰণ যােগ্যজনেহে সদায় সকলাে ক্ষেত্রতে টিকি থাকিব পাৰে বা সহজ অর্থত প্রতিষ্ঠা লাভ কৰিব পাৰে ।
জ্ঞানী জনে কৈ গৈছে ‘যােগ্য ভােগ্য বসুন্ধৰা' । অর্থাৎ যােগ্যজনৰ বাবেহে এই পৃথিৱীখন । সেইবাবেই কর্ম ক্ষেত্ৰক এক প্রতিযােগিতা বুলি গ্ৰহণ কৰি প্রতিদন্দীক হৰুৱাই জীৱনত সফলতা লাভৰ পথ প্রশস্ত কৰিব পাৰি ।

       ওপৰত উল্লেখ কৰা এই সকলােবােৰ কৌশল সুন্দৰভাৱে বা আন্তৰিকতাৰে পালন কৰিলে এজন ব্যক্তিৰ জীৱনলৈ সফলতা অহাটো নিশ্চিত আৰু এই সফলতাই এজন মানুহক ডাঙৰ বা বিখ্যাত কৰি তুলিব অথবা জীৱনত প্রতিষ্ঠিত কৰিব। সেইয়াই হ’ব মানুহৰ জীৱনৰ “প্রাপ্তি” (obtaining)। এই প্রাপ্তি আমি জীৱনৰ সফলতাৰ অন্যএক মহত্বপূর্ণ উপাদান বুলি ক'ব পাৰাে যি “প্রাপ্তিয়ে" জীৱনলৈ আনি দিব দুখ ,শান্তি ,কৃতকাৰ্য্যতা , আনন্দ ,প্রাচুর্য্য অথবা তৃপ্তি ।

এই সকলােখিনি পােৱাৰ পিছতে আমি সমাজত এক “পৰিচয়” (identity) পাম । যি পৰিচয় লাভেই আচলতে আমাৰ জীৱনৰ “ইপ্সিত লক্ষ্য” (ultimate aim)। গতিকে আমি সকলােৱে যদি এই কথাবােৰ মানি লৈ জীৱনটো আগবঢ়াই নিওঁ জীৱনত সফলতা লাভ নকৰাৰ বা এক নিজস্ব পৰিচয় গঢ়ি তুলিব নােৱাৰাৰ কোনাে কাৰণেই থাকিব নােৱাৰে ।

শেষত এষাৰ কথাৰে মােৰ এই লিখনি সামৰিব খুজিছাে। মােৰ এই পৰামৰ্শ বা কৌশলখিনি জীৱনত অৱলম্বন কৰিলে কাৰাে উপকাৰ নহ'ব পাৰে অথবা কোনােবা এজন লােক ডাঙৰ মানুহ বা বিখ্যাত মানুহ অথবা ভাল মানুহ বা প্রতিষ্ঠিত এজন ব্যক্তি হ'ব নােৱাৰিব পাৰে কিন্তু কাৰাে অপকাৰ নহয় বা কোনাে মানুহ কুখ্যাত অথবা বেয়া নহয় ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send