হিংস্ৰ বৰ্বৰতাৰে ভৰা মুখা বাৰে বৰণীয়া........
ধন, সোণ, টকা-পইচা নহয় যে চিৰ যুগমীয়া,
মিছা মায়াত মগ্ন কেৱল জাকত-জিলিকা।
মিছা আভিজাত্য গৰ্ব অহংকাৰ ক্ষন্তেকীয়া,
মাটিৰ মানুহ নাই যে আমাৰ কোনো দেহৰ ভৰষা।
সকলো এদিন মাটিতেই বিলীন হৈ যাবা.....
কি তোৰ কি মোৰ মিছা মায়াৰ ডোল,
হত্যা, হিংসা, লুণ্ঠন অপকৰ্মৰ নাই যে কোনো মূল.......
সৎ কৰ্মৰ সৎ পথক লোৱা আঁকোৱালি
আহা আমি সবে মিলি গঢ়ো সুন্দৰ ধৰণী।
য'ত থাকিব হাঁহি-মৰম , সুখ- শান্তি ধেমালি,
মনুষ্য হৈ মানৱতাৰ পৰিচয় ধৰা ডাঙি।
শ্ৰদ্ধা, ভক্তি ভাৱ হওঁক আদৰ্শৰ জিলিকণি......
ধনী-দুখীয়া, উচ্চ-নীচ, ভাৱ পৰিহাৰ কৰি,
মানৱতাৰ শইচ সিঁচি দিয়া চৌদিশে বিয়পাই ।
এক ঈশ্বৰ এক মানৱ যʼত কোনো ভেদভাৱ নাই,
তেজৰ কণিকাত জাতি ধৰ্ম নাথাকে যে লুকাই।
মানৱতা নহওঁক যেন এটি মাথোঁ শব্দ
ই হওঁক প্ৰত্যেকৰে আদৰ্শ মানৱ ধৰ্ম।
অংকুৰ তালুকদাৰ
বাক্সা (অসম)
দূৰভাষ-৭০০২৬৪৩০৭৮
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ