জল্পনা-কল্পনাৰ গভীৰ সমুদ্ৰৰ
সোঁতত আৱদ্ধ হৈ,
অভীপ্সাৰ জিঞ্জিৰীয়ে বান্ধিব ধৰিছে
জলাতক হৈছোঁ মই।।
অভীপ্সাই মোৰ জীৱনটোক যেন
চৰ্চাৰ বিষয় বনাইছে,
ঠুনুকা হৃদয়ৰ চটক পক্ষীটিক
ইচ্ছাৰ জৰীৰে বান্ধিছে।।
জীৱন সোঁতৰ নীৰৱ গতিত
অভীপ্সাই দিছে বাধা,
মনক টানিছে ইচ্ছাৰ জগতলৈ
যʼত মায়াই পাতিছে মেলা।।
মানুহ আমি সৰল মনৰ
নিৰ্মল আমাৰ প্ৰাণ,
অদৃষ্টৰ ওপৰত আস্থা ৰাখি
সাধিছোঁ আমাৰ কাম।।
অভীপ্সাৰ জিঞ্জিৰী চিঙিবই লাগিব
অভীপ্সা এক আস্তৰণ,
দি যায় প্ৰবল আকাংক্ষাৰ উদ্বেগ
যাৰ অন্ত নাই আজীৱন।।
✍️ সুশান্ত দাস।