হৃদয়ৰ একোনত সযতনে, সংগোপনে ।
জানো..তুমি মোৰ ভাগ্যৰ অধিৰ,
তথাপি কিয় জানো ভাল লাগে থাকি,
তোমাৰ অপেক্ষাত..!
পিছে বহু চেষ্টাৰ অন্তত মনটো স্থিৰ কৰি
সান্তনা দিছো নিজক আজি।
কিন্তু কি জানা,
এটা কথাই বৰকৈ আমনি কৰিছে বাৰে বাৰে
কিজানি মই নজনাকৈয়ে কৰবাত
মোৰ হৃদয় খন আজিও ৰৈ আছে,
তোমাৰ অপেক্ষাত!!!
✍️ জিমিম আহমেদ
মৰিগাঁও