ভ্ৰমণ ভ্ৰমণ ভ্ৰমণ
সুন্দৰ অনুভূতি মনৰ,
ভ্ৰমণ ভ্ৰমণ ভ্ৰমণ
শিক্ষাৰ অন্যতম অংগ।।
মনত বহুতো সপোন আছে
দূৰ ভ্ৰমণ কৰাৰ,
ডাঙৰ আশাতো দূৰ ভ্ৰমণৰ
যুক্তৰাষ্ট্ৰ আমেৰিকাৰ।।
সুন্দৰ পৰিৱেশ,উন্নত ব্যৱস্থা
আৰু অনেক সুবিধা,
আমেৰিকাৰ সৌন্দৰ্যৰ বৰ্ণনা কৰিলে
পাৰ নোপোৱা কথা।।
অসমৰ সৌন্দৰ্য্যত মুগ্ধ মই
অসমীয়া মোৰ মন,
অসমীয়া হৈ যাম এদিন
চাম আমেৰিকাখন।।
ব্যৱসায়-বাণিজ্য প্ৰসাৰৰ হেতু
আমেৰিকাৰ নাম উজ্জ্বল,
নাৰাখিবা সন্দেহ হে বন্ধুগণ
যুক্তৰাষ্ট্ৰ নাযায় তল।।
ভাৰত পাৰ হৈ যাম এদিন
আমেৰিকাখন চাবলৈ,
আমেৰিকাখন ইমান সুন্দৰ যে;
মন গৈছে এতিয়াই যাবলৈ।।
অসমৰ জনতাই
সৱে আনন্দ লভে
আমেৰিকাৰ সৌন্দৰ্য চাই।
সপোন বান্ধিলো
যামেই এদিন
আমেৰিকা চাবলৈ যাম।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ