বিবেক আৰু আৱেগ( চতুৰ্থ খণ্ড)

গতিকে কথা মতেই কাম । এদিন দুয়ো পলাই গ'ল ঘৰৰ পৰা কিছু দুৰলৈ-- । পৰিস্থিতি বুজ লৈ ঘৰ চাপিব । এই কথা গম পোৱাৰ মাত্ৰকেই নিমিষাৰ দেউতাক, ৰাকেশহঁতৰ ঘৰ ওলালগৈ । ঘৰত ৰাকেশৰ মাকক পাই নঙলামুখৰ পৰাই খঙত আৰু আবেগৰ বশৱৰ্তী হৈ নানা কটু শব্দৰে গালি গালজ পাৰিলে। কিন্তু বেচেৰী মালতীয়ে নিৰৱে সময়ৰ অপেক্ষাত থাকিল । পৰিস্থিতি শাম কটাত দুয়ো ঘৰ চাপিল । এনেকৈয়েটো থাকিব নোৱাৰে , গাঁৱৰ পৰিৱেশ তাতে সমাজৰো কথা আছে ।

             এদিন দুয়োটা পৰিয়ালৰ মাজত আলোচনা হ'ল - যিহেতু ল'ৰা- ছোৱালীয়ে ভুল কৰিলেই তাহাঁতকনো ক'লৈ দলিয়াই পেলাব উপায়টো নাই । তাৰোপৰি মাক -দেউতাকহঁতৰো কম বেছি পৰিমাণে দোষ আছেই সেয়াটো এতিয়া পাগি ঘুটি লাভ নাই । গতিকে তেওঁলোকক সামাজিক নীতি নিয়মেৰে সংস্কাৰ কৰি লোৱাই ভাল হওঁক নে কি কোৱা হে হয়বৰ বৰুৱাই জয়ন্তক সুধিলে- হুক্ হুকাই কান্দি উঠিল জয়ন্ত, এতিয়া কন্দা কতাখন এৰা হে দুখ কৰিবলগীয়া কিটো আছে , স্বভাৱে চৰিত্ৰই পঢ়াই শুনাই দেখা মেলাটো সি ভাল ল'ৰা কৰ্মী ও কি হ'ল আকৌ , যেনিবা গাঁৱৰ ভিতৰতে অলপ বেয়া দেখি “কিনো কৰিবা বিধিৰ লিখন”বুলি কথা এষাৰ আছে সেয়া এয়া বুজিছা । নহয় অ' খুৰাদেউ, মই বৰ লাজ পাইছো ৷ মই মিছাতেই আকৌ কান্দি উঠিলোঁ ৷
 - হেই কন্দা বন্ধ কৰা কোৱা- মই মিছাতে সহজ সৰল মানুহ গৰাকীক বৰ অপমান কৰিলোঁ সেই বাবেহে---- 
এহ হ'ব দিয়ক আপুনি আবেগতহে কৈছিল মই ধৰি থকা নাই কিনো কৈছিলে-- মোৰ একো মনতেই নাই দেখোন ৰাকেশৰ মাকে ক'লে । আৰু কি জানে-----

          আগলৈ-----

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send