জুগ্নুৰ পুনৰ জনম (ৰোমন্থন)

©Admin
0
ৰাতিপুৱাৰ পৰা নাৰায়ণ কলিতাৰ পেটটো উখহি আছিল।ভেকুৰা ভেকুৰা উগাৰ। বজালে ধুপ ধুপকৈ উঠে। 
গাঁৱত হোৱা হলে কেৰেঙী পেহীয়ে জাৰি দিয়া আদা এচকল আনি খালেই ঠিক হৈ গ'ল হেঁতেন।পেহীয়ে জাৰি দিয়া তেল, পানী, নিমখ,সেন্দুৰ, তামোল বহু ৰোগৰ প্ৰমাণিত মহৌষধ, এতিয়া ইয়াত উপায় নাই।যি হয় হ'ব বুলি সময়মতে কলেজলৈ গ'ল। ক্লাছত কেইবাৰ মান পেঁপা বজালে। গোন্ধ নাছিল।চেপি চেপি মাৰোঁতে মাৰোঁতে শব্দটো ‘ফুচুক'লৈ ৰূপান্তৰ হৈ দুৰ্গন্ধ আৰম্ভ হ'ল। চোৰৰ বৰ কথা। সি পাদটো মাৰিয়েই “ কোনে কি খাই আহিছ ঐ, এটকা দিম বাহিৰত পাদি আহগৈ যা ।” বুলি গুৱাল গালি পাৰিলে। এবাৰত পেটটো ঘোলোককৈ উঠি চিকুটমাৰি ধৰিলে।কোবা কোবিকৈ ওলাই গৈছিল কিন্তু লেট্ৰীণ নেপালেগৈ , ভৰিয়েদি বৈয়েই গ'ল। লংপেণ্টৰ কাৰণে বাৰুকৈ কোনেও নেদেখিলে। চিধা ৰুমলৈ বাট ললে।
     মেছ পাই দহবাৰ মান লেট্ৰীণ-ৰুম, ৰুম-লেট্ৰীণ চলিল । আমি কলেজৰ পৰা ৰুম পোৱালৈকে নাৰায়ণ গোলোক ধামলৈ গতি কৰো কৰো অৱস্থা।ডাঁৰত পেণ্ট,চাৰ্ট, গেঞ্জী, আন্দাৰ পেণ্ট আৰু তলত তাৰ নতুনকৈ কিনা ছামৰাৰ ছেন্দেলযোৰ ধুই- পখালি মেলি দিয়া আছিল। ঘটনা ঘাইল বুলি ভাবি মই দৌৰি গৈ ফাৰ্মাচীৰ পৰা ঔষধ আনি খুৱাই দিলোঁ। আৰু দুবাৰ মান যোৱাৰ পিছত পেট চলাটো বন্ধ হ’ল কিন্তু মাজে মাজে পেটটো চিকুটমাৰি ধৰিলে ৰʼব নোৱাৰিছিল। অকন অকনকৈ সাঁও আৰু বিজল বিজল তেজ পৰিবলৈ আৰম্ভ কৰিছিল ।
***** *****
    “বেটা জুগ্নু , জুগ্নু‌ বেটুৱা , ববুৱা কাহাঁ ৰহি,চুবেহ চে নেইখি দেখত । চকলতু দিখা ” শত্ৰুঘণ বুঢ়াই নাদটোৰ পাৰত ৰৈ পানীলৈ জুমি জুমি চাই কৈ আছিল। মুৰি কেইটামান চতিয়াই দি কিছুপৰ ৰৈ থাকি কোনো সঁহাৰি নেপাই ঘৰৰ ভিতৰৰ পৰা জীয়া গৰৈ মাছ এটা আনি ‘ লো বেটুৱা ৰুথ মত ’ বুলি দুবাৰ মান দেখুৱাই নাদৰ ভিতৰলৈ পেলাই দিলে। এবাৰ আমাৰ মেচৰ ফালে ,এবাৰ ওচৰৰ আন এটা মেচলৈ ,এবাৰ নাদৰ পানীলৈ চাই চাই কিছু পৰ তভক মাৰি ৰৈ থাকি হাওঁ হাওঁ কান্দি পেলালে। এন্ধাৰ হোৱালৈকে নাদৰ পাৰতে কান্দি থাকিল। তাৰী খাবলৈ অহা মানুহক ‘ খতম ভৈলবা ’ বুলি পঠিয়াই দিছিল। ৰান্ধি থোৱা ভাত-তৰকাৰী পেলাই দি শুইছিল গৈ যদিও টোপনি নহাত বাৰে বাৰে উঠি গৈ টৰ্চ মাৰি মাৰি চাই আহিছিলগৈ। তিনি দিন ব্ৰতত থাকি পাঁচদিনৰ দিনা পূজাৰী আনি পূজা পাতিছিল যদিও আমাক নেমাতিলে আৰু প্ৰসাদো দিয়া নাছিল।
**********
    ১৯৭৬ চন। একে অঞ্চলৰে আমি চাৰিটাই পথৰ কাষৰ এডৰা মাটিত থকা এটা দুকোঠলীয়া খেৰ-বাঁহৰ কেঁচা ঘৰত মেচ কৰি চহৰৰ কলেজ খনত পঢ়িছিলোঁ। চহৰ মানে নতুনকৈ ঘোষিত মহকুমাটোত কলেজ এখন, অফিচ কেইটামান,হস্পিতল এখন,থানা এখন ,হাইস্কুল দুখন, কেইখনমান দোকান ।ইমানেই। বাৰিষাত একাঠু পানী হোৱা পথাৰ খনৰ মাজেৰে যোৱা বাটটোৰ কাষে কাষে অʼত এটা তʼত এটা জুপুৰি সাজি কোনোবা মালিকে যদি ভাড়া দিছিল কোনোবা নিজেই বহিছিল আন কোনোবাই আকৌ মাটি কিনি জুপুৰী সাজি কাৰোবাক ৰখীয়া ৰাখিছিল। আমি আছিলোঁ ভাৰাতীয়া আৰু শত্ৰুঘণ আছিল ৰখীয়া। সি দিনত খেজুৰ গছৰ আগ ৰুকি কলহ বান্ধি থৈ আহে, আৰু পুৱাই পুৱাই মাটিৰ কলহত ভাৰ বান্ধি তাৰী আনে।দিনত বুট,মগু, মটৰমাহ আদিৰ বাৰেমিহলি চানা গাঁৱে গাঁৱে বেচি ফুৰে। সন্ধিয়াৰ পৰা চানা ভজা , শুকান মাছৰ পকৰিৰ লগত তাৰী বেচে । দুই তিন দিনীয়া তাৰি খালে মদৰ দৰে নিচা লাগে।আমাৰ ঘৰটোত দমকল আৰু কেঁচা লেট্ৰিণ আছিল কিন্তু শত্ৰুঘণৰ ঘৰত পুখুৰীৰ দৰে এটা নাদ আছিল যদিও লেট্ৰিণ নাছিল। নাদৰ পানীৰেই ৰন্ধা-বঢ়া, ধোৱা-পখলা, খোৱা-বোৱা সকলো কৰে। শৌচ ক'ত কৰেগৈ আমি গম পোৱা নাছিলোঁ। নৰাৰ চালি আৰু খেজুৰ গছৰ পাতৰে বেৰদিয়া ঘৰটোত সি অকলে আছিল। ৰাতি চাকিৰ পোহৰত ভিতৰত কোনে কি কৰিছে বাহিৰৰ পৰা চাব পাৰি। ‍ ‌ পূজাৰ দিনাখন তাৰ ঘৰৰ চোতালত এডাল ত্ৰিশূল আৰু কিছুমান বৰশী পুতি সেন্দুৰ চতিয়াই নাদৰ পাৰলৈকে তান্ত্ৰিক এজনে এটা ৰাস্তা সাজিছিল । মাজে মাজে চূণৰ গুৰি আৰু ফুত ছাঁইৰে মাছ আঁকিছিল।নাদৰ পাৰত চাৰিফালে চাৰিটা খুটি পুটি মানুহ আকৃতিৰ পুতলা ডিঙিত বৰশী লগাই ফাঁচী দি থৈছিল। তাৰ নাদটো আমাৰ মেচৰ পৰা চাৰি নল মানৰহে আঁতৰত আছিল। সেইদিনা দেওবাৰ বাবে আমি ৰুমতে আছিলোঁ। সিহঁতৰ কাৰবাৰ দেখি আমি আচৰিত হৈছিলোঁ কিন্তু ভয়ত নাৰায়ণৰ মুখ শুকাই টেমি যেন হৈছিল।
***** ******
    ৰাতিপুৱা শত্ৰুঘণৰ নাদটোত এটা প্ৰকাণ্ড শʼল মাছে ঘোপ ঘোপাই থকা দেখি তাৰ বিস্ময়ৰ লগতে আনন্দৰ সীমা নাছিল। আগদিনাৰ সন্দেশ আৰু চাতুৱাৰ ৰুটী আনি আমাক ভগাই খাবলৈ দি কৈ গৈছিল “ জুগ্নু লৌত আয়া ”।
*********
     শত্ৰুঘণে চাৰি বছৰ ছয় মাহ ধৰি মুৰি , বিস্কুট,ৰুটী, ভেকুলী, মাছ আদি খুৱাই পুহি ৰখা , পুত্ৰৰ দৰে মৰম কৰা, জুগ্নু বুলি মাতিলে ওপৰলৈ জাপমাৰি মুখখন মেলি দিয়া প্ৰায় ডেৰ/দুই কিলো ওজনৰ শʼল মাছটো ৰাতি নাৰায়ণে বেঙেৰে বৰশী দি ধৰি আনি মূলা ধনীয়াৰে ৰান্ধিছিল। মই ‘পাপ লাগিব, শত্ৰুঘণৰ অভিশাপ লাগিব ,তাৰ চেনেহৰ বস্তু’ বুলি কোৱাত ,সি ক'লে “নেখালে নেখাবি।”খগেনে মইয়ে সচাঁকৈয়ে নেখালোঁ। বিষ্ণুৱে এটুকুৰা 
খাইছিল। নাৰায়নে গোটেইখিনি খাই পিছদিনা কলেজত কাপোৰে- কাণিয়ে হাগিছিল আৰু শত্ৰুঘণৰ ঘৰৰ পূজা দিনালৈকে নট টান হোৱা নাছিল। ইফালে বৰশীৰে পুতলা মানুহ ফাঁচি দিয়া দেখি ভয়তে বজাৰলৈ গৈ এটা জীয়া শʼল মাছ কিনি আনি ৰাতি নাদত এৰি দিছিল।

✍️দেৱ দাস
তেজপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)