গাঁওখন গোন্ধাইছে আঘোণ, আঘোণ , পথাৰখন গোন্ধাইছে আঘোণ আঘোণ
এয়া যে নিঘাট বাস্তৱ
এটি মিঠা আমেজৰ নাম আঘোণ ।।
য'ত স্বপ্নৰ পৰিকল্পনা নাই
আহাৰ-শাওন মাহৰ কৃষকৰ
এয়া কপালৰ ঘামৰ ফচল সোণোৱালী ৰ'দে ওপচাই পেলোৱা ধাননিত ,
নাই ভাগৰ নাই এলাহ ,,
জীয়াৰী বোৱাৰীৰ ভুবন-ভুলোৱা হাঁহিত
আছে প্ৰৱল আত্মবিশ্বাস
গাভৰুৰ বিলৰ বুকুত জাকৈৰ চাব ইজনী সিজনীৰ চুপুতা-চুপুতি
প্ৰাণৱন্ত হৈ উঠে আঘোণৰ পথাৰ
থাকিলে হিয়া দিয়া নিয়া।।
কাচিৰ চিক-মিকনিত থমকি ৰয়
পাহোৱাল ডেকাৰ বিৰিয়াৰ ভাৰ বোৱা
গধূৰ খোজ!
ডেকাৰ ককাঁলৰ খোচনিত
কোনোৱে দি যায়
গাঁৱৰে চেনেহীজনীৰ প্ৰেমৰ নীলা চিঠি এই অবুজ নিৰ্মল সন্ধিয়াৰ নাম আঘোণ।।
পথাৰৰ সোণগুটিৰে ঘৰে ঘৰে ন-খোৱা উৎসৱমুখৰ অনুষ্ঠান আঘোণ
মাছ-মঙহ-হাহ আদিৰে
উৎসৱ উৰুকাৰ নিশাৰ দৰে নতুন নতুন শাক পাচলিৰে
ন খোৱাৰ জুতি বাঢ়ে ধনীয়া জলকীয়া পোৰা বিলাহী
কাঠ আলু বৰা চাউল
পিঠা জলপান
কোনে পাৰে পাহৰিব
ৰবাৱ টেঙাৰ জুতি
ইযে বছৰৰ সোনালী যৌৱন
নাম যাৰ আঘোণ ।।
✍️মনোৰমা দাস
আমেৰিকা যুক্তৰাষ্ট্ৰ
সুন্দৰ🙏
ReplyDelete