ৰঘূ আৰু নাই-সুশান্ত দাস

©Admin
2
আই ঐ!!
মই ৰঘূ ,
মোক দেখোন মাৰি পেলালে,
তই কান্দিছ' নেকি?
নাকান্দিবি ঐ!
মোক নৰপিশাচবোৰে মাৰিলে,
মানুহ আৰু অমানুহৰ পাৰ্থক্য বুজিলোঁ,
কিয় মোক মাৰিলে জান'নে?
সহায় কৰিব গৈছিলো;
কলিৰ ৰাজ্যত সহায় কৰাটো দেখোন অপৰাধ!
মই বৰ কষ্ট পালোঁ অ'
অকালতে মৃত্যুবৰণ কৰিলোঁ,
কিন্তু প্ৰাণ আমাৰ ঘৰখনতে আছে,
মই তোৰ লগত থাকিম সদায়,
কিন্তু অশৰীৰি হৈ।।
হ'লেও থাকিম দে,,
মই অভি-নীলক লগ পাইছো,
কি কৈছে জানানে?
“আমাৰ হত্যাকাৰীৰ বিচাৰ হল নে?”
মই বৰ কওঁ-নকওঁকে ক'লো,
নাই হোৱা! বৰঞ্চ তোমালোকৰ দৰে মইও আকৌ চিকাৰ হ'লো নৰপিশাচৰ,,
ঘৰত আয়ে কান্দিছে,
ভায়ে কান্দিছে,
কিন্তু!....
মই যাব নোৱাৰোঁ।
যাব নোৱাৰে সান্তনা দিবলৈ!!
আয়ে পিৰালিত বহি বাট চাই আছিল,
ডাঙৰ বোপা আহিব বুলি!,,
কিন্তু গ'ল কি??
মোৰ নিঠৰ দেহ!
পঞ্চভূতত বিলীন হৈ
মই আপোনালোকৰ কাষ পলোহি,
আৰু কি দেখিলোঁ গম পাৱনে?
নন্দিতা বাক দেখিলোঁ,
উচুপি আছিল!
তাইক যে দাৰে ঘপিয়াই মাৰিলে!!
মোক‌ সুধিছে;
“সি শাস্তি পালেনে?”
মই নিমাত হৈ ৰ'লো।
কিছু সময়ৰ পাছত ক'লো ,
“নাইপোৱা বাইদেউ”
মইও আকৌ অভি-নীলৰ দৰেই..!
মই বৰ দুখ ‌পালো আই
মোৰ বাবে আজি সকলোৱে চকুলো টুকিছে
“ৰঘূ আৰু নাই”।।।


অনিমেষৰ আত্মাই যাতে শান্তি লাভ কৰে।।


✍️সুশান্ত দাস, শিৱসাগৰ।।

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. কবিতাবোৰ বহুত উচ্চখাপৰ হৈছে। সকলোকে অভিন্দন জ্ঞপন কৰিলো । সুশানতৰ কবিতাই মন চুই গল । মানুহ এতিয়া অমানুহ হৈ ৰসাতলে যাব ধৰিছে।আমি কলমেৰে প্ৰতিবাদ কৰিব লাগিব । সকলোলৈ নমসকাৰ আৰু প্ৰণাম জনাইছো । ক্ষমা কৰিব, আমেৰিকাত আহিহে অসমীয়া অলপ অলপ লিখিবলৈ শিকি আছো । শুভ ৰাত্ৰি ।।। মনোৰমা দাস। আমেৰিকা।

    ReplyDelete
  2. ধন্যবাদ জনাইছোঁ,বাইদেউ।।সঁচাই আমি এতিয়া কলমেৰে প্ৰতিবাদ কৰিব লাগিব।।

    ReplyDelete
Post a Comment