ঈশ্বৰৰ অপমৃত্যু-গৌতম গোৱালা

©Admin
0
চাৰিওফালে গৰ্জন
ঢোল, ঢাল, খোল, তালেৰে মুখৰিত মাতৃভূমি
গণগৰ্জনত বিধস্ত জনতাৰ জনজীৱন
কাৰোবাৰ ৰাজনেতা হোৱাৰ ভোকত
হাজাৰ হাজাৰ জনতাক 
ভোকাতুৰ কুকুৰৰ সন্মুখত থিয় কৰোৱা হ'ল
তেজৰ চেকুঁৰাৰ ভোকত বলিয়ানবোৰৰ ভিৰত 
হেৰাই গল ঈশ্বৰ |
ঈশ্বৰ ..... ক'ত গল ?
ঈশ্বৰৰ বুকুভেদি ৰাজনেতাৰ লোৰ টুকুৰা পাৰ হৈ গ'ল আৰু 
ঈশ্বৰ ৰাজপথত পৰি ৰ'ল
ঈশ্বৰৰ মৃত্যু হ'ল
এগৰাকী মাতৃৰ বুকু উদং হ'ল 
আৰু তেওঁলোকৰ গৰ্জনবোৰ স্থিমিত হৈ ৰ'ল |

আজি সকলোৱে পাহৰিলে তেওঁক
সিদিনাৰ সমবেদনা সিদিনাই শেষ হ'ল
তেওঁলোক আজি নেতা হবৰ হ'ল আৰু 
ঈশ্বৰৰ মাতৃৰ চকুলো চকুযুৰিতেই শুকাই ৰ'ল |
ঈশ্বৰ শ্বহীদ হ'ল
বীৰ শ্বহীদৰ সন্মান পালে
কিন্তু, 
মাতৃৰ হাজাৰটা সপোন পলকতে মৰহি গ'ল
পেটৰ তাড়নাত আজি পিতৃ মাতৃৰ ছটফটনি ..
একমাত্ৰ সমলটোক  দুর্বৃত্তবোৰে কাঢ়ি লৈ গ'ল
আজি ঈশ্বৰ ধোঁৱাৰ দেৱালটোত উলমি ৰ'ল...
এটি সুগন্ধিবিহীন ফুলৰ মালা পিন্ধি
ঈশ্বৰ আজি এবছৰীয়া হ'ল |
 ঈশ্বৰ ...
 ঈশ্বৰ হেৰাই গল জনতাৰ ভিৰত
ভোকাতুৰ কুকুৰবোৰৰ মুখবোৰত
ঈশ্বৰৰ তেজৰ চেকুঁৰাবোৰ লাগি ৰ'ল..

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)