মোৰ ফুলৰ বাগিচাত পখিলা পৰিছে,
বতাহত ফুলৰ পাহিবোৰ সৰিব ধৰিছে,
এদিন-দুদিন কৰি পাৰ হ'ল দুকুৰি বসন্ত,
মাকো মাৰি মাৰি এডাল এডাল
সূতাৰে আয়ে বোৱা,
চেলেংখনিৰ দৰে।
জোনালী পোহৰত এচাটি বতাহে,
মনে মনে তোমাৰ কথাকে কয়।
পুৱাৰ পোহৰৰ সোণালী কিৰণে,
তোমাৰ অহাৰে বাতৰি দিয়ে।
আশাৰ মজিয়াত আছোঁ,
সুগন্ধি ফুলৰ দলিচা পাৰিছোঁ।
মনৰ কথাবোৰ কাক কোনে কয়,
সঁচা ভাল পোৱাবোৰ নদীৰ দৰে বয়।
কোনেও নাজানে কাৰ জীৱনত
কিহৰ অগনি জ্বলে।
বৰ লুইতৰ বানে বুৰাই পেলালে,
কৃষকৰ পথাৰ।
কিমান বুটলিবা দুখৰ বোজা।
উচুপি উচুপি গোপন মৰিচিকা।
ব্যস্ত মহানগৰীত উকা উপপথ,
দেখিলে লাগে সেমেকা মন।
আশাবোৰ ইমান মিঠা।
উকা উকা লগা পদুলিয়ে ৰিঙিয়াই
আজি তোমাৰ মোৰ দূৰত্ব
সাত সাগৰ তেৰ নদীৰ সিপাৰৰ দৰে।
এদিন তুমি আহিবা,
সিদিনা আমি,
সকলো দুখ পাহৰি,
দুয়ো জলপৰীত উঠি
বৰলুইতৰ বুকুত পাৰ কৰিম,
ৰঙীন এসন্ধ্যা।
✍️নীভা লয়িং
পাণবজাৰ, গুৱাহাটী-১
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ