প্ৰেৰণা- সুশান্ত দাস

©Admin
0
সূৰ্যৰ দৰে পোহৰ বিলাবা
সুপ্ত ধাৰণা কৰিবা দূৰ,
বিলাবা দীপ্তি আনন্দ-উল্লাসৰ
আদ্যোপ্রান্তত বিলাবা হৰ্ষ সুৰ।।

ব্যোমৰ দৰে বিশাল হবা
নীৰৱতাক সামৰি লৈ,
মেঘৰ দৰে শান্ত হবা
বৰষুণক আদৰি লৈ।।

পানীৰ দৰে নিৰ্মল হ'বা
সৎ বাক্য বিলাবা তুমি,
সোঁতৰ দৰে উগ্ৰ হ'বা
দেশৰ বাবে যুঁজিম বুলি।।

সোণৰ দৰে ভাস্বৰ হ'বা
জ্ঞানৰ জেউতি প্ৰসাৰিবা তুমি,
হীৰাৰ দৰে কঠিন হ'বা
দুৰ্নীতিমুক্ত গঢ়িবা ভূমি।।

বায়ুৰ দৰে সুধীৰ হ'বা
শান্তিৰ বতৰা বিলাবা তুমি,
সমীৰৰ বেগক সামৰি লৈ
হিংসা-দ্বেষ আতঁৰাবা তুমি।।

উৰ্ণনাভৰ পৰা প্ৰেৰণা ল'বা
জীৱন বাটত নপৰিবা ভাগৰি
জাল গুঁঠিবা ঐক্য-সংহতিৰ
সকলোকে গঢ়িবা দেশৰ প্রহৰী।।

মা-দেউতা আৰু শিক্ষাগুৰুৰ 
কৰ্ম বোৰক প্ৰেৰণা কৰি,
তেখেতলোকৰ আদৰ্শবোৰক
আজন্ম পালন কৰিবা তুমি।।

প্ৰেৰণা ল'বা সকলোৰে পৰা 
প্ৰেৰণাইও শক্তি দিয়ে,
প্ৰেৰণা ল'বা সৎ-জ্ঞানীৰ
যিয়ে জীৱন তৰি নিয়ে।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)