হেঁপাহ হৈয়েই থাকক ।
এজনৰ হেঁপাহ,
আনজনৰ অনীহা,
দুয়োটা নিজৰ ঠাইত জিলিকি ৰয় ,
বুজি পায়ো নোপোৱাৰ কাৰণে।
কল্পনাৰ ৰহঘৰা কল্পনাতে শুৱনি।
হেঁপাহবোৰ,হেঁপাহ হৈয়ে উৰে,
ৰহঘৰাৰ আশে পাশে
সেয়াই ভাল লাগে।
কিছুমান হেঁপাহ ,
হেঁপাহ হৈয়েই থাকক
কিছুমান ভাল লগা ,
ভাল লগা হৈয়েই থাকক ।
আদৰৰ ক্ষণবোৰো স্মৰণীয় হৈয়েই থাকক,
নিৰলস জীৱন সুমধুৰ কৰিবৰ কাৰণে,
অহৰ্নিশে অবিৰামে।।
✍️লক্ষিমী বৰা শইকীয়া।
গড়মূৰ ।
মাজুলী।