সফল আৰু বিফল ব্যক্তিৰ প্ৰকৃত ৰূপ কেনেকৈ নিৰূপণ কৰিব পাৰি-কনমনি নাথ

©Admin
0
 জীৱন ক্ষুণ ভঙ্গুৰ, ই কচু পাতৰ পানীৰ দৰে। কোনে জানে কাৰ জীৱনত কি লিখা আছে। গতিকে আমি আমাৰ জীৱনটো নিজকে সঠিক ধৰণেৰে পৰিচালনা কৰি প্ৰথমে পৰিয়ালৰ মুখ্য দায়িত্ব পালন কৰা বা তেনে দিশত অধিক মনোযোগ দিয়া উচিত।
পৰিয়ালৰ মাজত মৰম-স্নেহৰ মাজেৰে বিশ্বাসৰ মাজেৰে জীৱন প্ৰক্ৰিয়াটো সুন্দৰকৈ চলাই নিব লাগে যদি তাৰ বিপৰীতে আমি বিশ্বাস নকৰি সন্দেহৰ দ্বাৰা পৰিচালিত হওঁ তেতিয়া তেনে পৰিয়ালত বিভেদৰ সূত্ৰপাত ঘটে ।
আধুনিকীকৰণ সমাজ ব্যৱস্থাত যদি নিজৰ পৰিয়ালৰ আপোন সকলোৰ মাজতে বিশ্বাস নাথাকে বা বিশ্বাসৰ অভাৱ হয় তেতিয়া জানো সেই শিক্ষাৰ কিবা মূল্য থাকিব নে?
ভাবোঁ নিশ্চয় নাথাকে!
গতিকে আমি সদায় বাস্তৱ সত্যৰ দ্বাৰা পৰিচালিত হৈ নিজৰ পৰিয়ালৰ মাজত বুজা বুজিৰ মাধ্যমেৰে নিজৰ কৰণীয় কাৰ্য সমূহ সূচাৰুৰূপে পৰিচালনা কৰি সমাজৰ মাজত বিশেষ পৰিয়াল হিচাপে পৰিগণিত হোৱাৰ দিশত অধিক মনোযোগ দিব লাগে।
সাধাৰণতে,
*সফল পুৰুষ বুলি সেইজন ব্যক্তিক ক'ব পাৰি*
✅ মৰম-স্নেহৰ মাজেৰে নিজৰ দায়িত্ব সূচাৰুৰূপে পৰিচালনা কৰি পৰিয়ালটি সুন্দৰকৈ চলাই নিব পৰা জনক প্ৰকৃত সফল ব্যক্তি বুলি ক'ব পাৰি।
✅ সন্তানৰ প্ৰতিটো দিশ তীক্ষ্ণ চোকা দৃষ্টিত আবদ্ধ ৰাখি সন্তান জনক ভৱিষ্যত জীৱন গঢ়াত বিশেষ দায়িত্ব পালন কৰা জনক সফল ব্যক্তি বুলি ক'ব পাৰি।
✅ পৰিয়ালৰ সকলো দিশ বা সমস্যা চালিজাৰি চোৱাৰ পিছত যদি দোষনীয় বুলি প্ৰমাণিত হোৱাৰ পিছত  বুজা বুজিৰ দ্বাৰা সকলো দিশ সমাধান কৰি নিজৰ মাজতে সীমাবদ্ধ ৰাখিব পৰা জনহে প্ৰকৃত অৰ্থত সফল ব্যক্তি।
✅ জীৱনটো হ'ল এক জটিল প্ৰক্ৰিয়া, গতিকে সকলো দিশ পুংখানুপুংখভাৱে গভীৰ ভাৱে অধ্যয়ন কৰি সকলো সমস্যা সমাধান কৰি পৰিয়ালটি সুন্দৰকৈ চলাই নিব পৰা জনক সফল ব্যক্তি বুলি ক'ব পাৰি।
আনহাতে,
*সেই জনক বিফল ব্যক্তি বুলি কব পাৰি*,,,,
❌ নিজৰ সন্তান বা পৰিয়ালটি কোন দিশে গতি কৰি আছে, সেই দিশত মনোযোগ নিদি অকল নিজৰ কামত অধিক ব্যস্ত থাকি দায়িত্ব শেষ বুলি ভবা জনক সফল ব্যক্তি বুলি কেতিয়াও ক'ব নোৱাৰি।
❌ হঠাৎ এদিন যদি সন্তানৰ পঢ়া পাতি বা আন আন দিশত খবৰ ৰাখিলেই সফল ব্যক্তিৰ দায়িত্ব শেষ হ'ব নোৱাৰে বা আনৰ ওপৰত সকলো কামৰ দায়িত্ব সপি দিয়াতে নিজৰ দায়িত্ব শেষ বুলি ভবা জনক সফল ব্যক্তি নুবুজাই।
❌ নিজৰ পৰিয়ালৰ মাজতে যদি বিশ্বাস নাথাকে তেতিয়া উন্নতিৰ দিশে কেতিয়াও অগ্ৰসৰ হ'ব নোৱাৰে! সদায় বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ প্ৰমাণ অবিহনে আনক মিছা অপযসেৰে নিজে মহাত্মা বুলি ভবা জনক সফল ব্যক্তি বুলি কেতিয়াও ক'ব নোৱাৰি।
❌ আপোনাক প্ৰতি ক্ষণতে হাতে হাত ধৰি সহায়ৰ হাত আগবঢ়ায় এটা বিশেষ স্থান পাবলৈ সক্ষম কৰা ব্যক্তি  জনকে যদি নিমিষতে সকলো পাহৰি সৰু কথাতে কামৰ পৰা বৰখাস্ত কৰিবলৈ কুণ্ঠাবোধ নকৰা জনক সফল ব্যক্তি বুলি কেতিয়াও ক'ব নোৱাৰে! 
❌ এনেই মুখতে সকলো কথাৰ ফুলজাৰি মাৰি নিজকে পাৰ্গত বুলি ভাবি হাতে কামে কৰি দেখুৱাব নজনা জন সফল ব্যক্তিৰ পৰিচয় হ'ব নোৱাৰে!

গতিকে আমি আমাৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব বা কৰ্তব্যবোৰ সঠিক ধৰণেৰে পৰিচালনা কৰি নিজৰ লগতে সকলোকে সুখ, শান্তি, সমৃদ্ধি অটুট ৰাখি নিজৰ পৰিয়ালৰ মান,মৰ্য্যদা অটুট ৰাখিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব তেতিয়া সেই পৰিয়ালটোৰ মাজত কেতিয়াও বিসংগতিৰ সূত্ৰপাত নঘটি সূৰুযৰ কিৰণৰ পোহৰৰ দৰেই সদায়
সমাজৰ মাজত জিলিকি বিশেষ পৰিয়াল হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিম বুলি বিশ্বাস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)