একাঁজলী বিৰহ(খণ্ড নং-৩০)~বিটুমনি ভূঞা কোছ

©Admin
0
দুবৰীত পৰি থকা নিয়ৰৰ টোপালৰ দৰে চকুৰ পাঁহিত  দুটোপাল চকুৰ পানী থুপ খোৱাই তগৰে অভিমানত মুখ ফুলাই নৈখনৰ ফালে চাই আছিল।কি চাই আছা?ব্যগ্ৰ হৈ সুধা ৰনৰ প্ৰশ্ন একো উত্তৰ নিদি জোৰ কৰিয়েই মুখখন আনফালে ঘূৰাই দিলে।লাহেকৈ তগৰৰ হাতখন  নিজৰ মুঠিত তুলি ৰনে তগৰৰ মুখখন নিজৰ ফালে ঘূৰাই মৰমে ক'লে ,চাওঁ মোৰ ফালে চোৱাচোন।ধপধপাই উৰি যোৱা ফেঁচাটোৰ শব্দত কুকুৰটোৱে ভুকিব ল'লে।সপোন টো হেৰুৱা বেদনাত বুকুছাটি ধৰা বিষাদৰ ডাৱৰবোৰ সাবটি  নিজৰ ওপৰতেই ধিক্কাৰ জন্মিল তাৰ।পুৰুষ হৈ এগৰাকী অবলা নাৰীৰ বাবে একো কৰিব নোৱাৰিলে।সকলো দেখিও সকলো বুজিও নিৰৱে কন্দাৰ বাহিৰে অন্য একো কৰিব পৰা নাই সি।

নাৰ্চিংহোমৰ কেবিন ৰুমৰ বিছনাখনৰ এটা কোনত বহি তগৰে মুখঢাকি কান্দিবলৈ ল'লে।ৰুমটো আনখন বিছনাত দীঘল দি শুই থকা ৰমাকান্তলৈ তাই বৰ ভয় লাগিছিল।সমাজে বান্ধি দিয়া নিয়মবোৰ মানি চলি অহা তগৰে পৰপুৰুষৰ লগত একেটা ৰুমতে মানুহে দেখিলে তাইৰ কি বদনাম হ'ব এই ভাবি বৰ ভয় খালে।অশিক্ষিত গাওঁৰ আজলী ছোৱালীজনীয়ে আজি অচিনাকি চহৰৰ  জনসমুদ্ৰৰ মাজত এজন অচিনাকি পুৰুষৰ লগত একেটা কোঠাতে থাকিব লগা হৈছে।চাৰিওফালে মানুহেই মানুহ কিন্তু চিনাকি মানুহ কোনো নাই।

হঠাৎ গম্ভীৰ হৈ আন্তৰিকতাৰ ঢালি ৰমাকান্তই ক'লে--"ক'ব নোৱাৰো হাঁহি আৰু চকুলোঁ ভগৱানৰ শ্ৰেষ্ঠ দান কিন্তু কিছুমান মানুহে চকুলোঁকহে গুৰুত্ব দিয়ে , আৰু হাঁহিক অৱহেলা কৰে।হাঁহিবলৈ শিকা নিজকে শক্তিশালী বুলি ভাবা।সন্তানৰ মাতৃ হ'বলৈ উলাইছা।ইমান দুৰ্বল মনৰ হ'লে কেনেকৈ হ'ব।পংকিলতাৰ এই পৃথিৱীত তোমাৰ চকুলোঁ দুৰ্বলতাৰ সুযোগ সকলোৱে লব।হাঁহিৰে জীৱন আগবঢ়াই নিবলৈ শিকা।নিজকে ভাল পাবলৈ শিকা।শেষত কোৱা কথাষাৰ তগৰৰ ৰনে কোৱা দৰে লাগিল।তগৰে দুই খন হাতেৰে মুখখন ঢাকি আঙুলি ফাঁকেৰে ৰমাকান্তলৈ চালে।ৰমাকান্তই  আকৌ আৰম্ভ কৰিলে, চেনেহৰ নাগপাশত বন্দী হৈ জীৱন কটাবলৈ তোমাৰ আপোন কোনো নাই।ভগৱানৰ নামলৈ পৰিবেশ পৰিস্থিতিৰ চাই নিজকে বচাবলৈ চেষ্টা কৰা।আমি আমাৰ পৰিচয় লুকুৱাই সন্তান জন্ম নোহোৱালৈকে পতি পত্নী।স্বামী বিহীন এগৰাকী মহিলাই সন্তান জন্ম দিবলৈ সমাজৰ বহু জনৰ ওচৰত লাঞ্চিত হব লাগিব।সকলোৱে তোমাক সন্দেহ কৰিব।এতিয়া শুই থাকা।পুৱাই কেইবাটাও পৰীক্ষা কৰিব লাগিব।ৰমাকান্ত ই সিফালে মুখ কৰি শুই থাকিল।নিলাজী বনৰ দৰে কুঞ্চিত হৈ তগৰো বিছনা খনত বহি থাকিল ।

বহু বেলিৰ মুৰত হঠাৎ সকলো সংকোচ কাটি কৰি 
শুই পৰিল,।যদিও তাই টোপনি  নাহিল।তাই ভাবিলে তাই আপোন মানুহ আছে।ৰন আৰু ৰনভাই।তাই বিশ্বাস সিহঁতৰ তাইলৈ খুবেই মনত পৰিছে।সেই বাবেই উশাহে-নিশাহে তাইৰ অনুভৱ বোৰ ইমান সজীৱ হৈ আছে।

   আগলৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)