অসমীয়াৰ বাউন্স বেক-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
 বছৰ কাল আগতে দুজন নলেগলে লগা বন্ধুৱে গাঁৱৰ পৰা  নিলগত থকা এটা ফেক্টৰীত কাম কৰিছিল ।  দিনটোৰ কঠোৰ পৰিশ্ৰমৰ পাছতো ফেক্টৰীৰ মালিকজন তেওঁলোকৰ কামত সন্তুষ্ট হ'ব পৰা নাছিল ।  বন্ধু দুজন নিৰুপায় হৈ এদিন ফেক্টৰীটোৰ কাষতে থকা আশ্ৰমখনৰ বাবাজীজনৰ ওচৰ চাপিছিল ।  সৰ্বজ্ঞাতা বুলি সকলোৰে মুখত শুনা বাবাজীজনে হয়তো তেওঁলোকক কিবা সমাধান দিবও পাৰে ?
 যিহেতু দুয়োজনৰে সমস্যা একেটাই গতিকে দুয়োই একেলগে বাবাজীজনক লগ ধৰি তেওঁলোকৰ সমস্যাৰ কথা বিৱৰি ক'লে । সেইদিনাখন বাবাজীজনে ' মাত্র এবাতি ভাতৰ বাবেই ' বুলি উচ্চাৰণ কৰি দুয়োজনক আশীৰ্বাদ দি পঠিয়াই দিলে ।  
বাবাজীজনক লগ কৰি অহাৰ পিছদিনাখন এজন বন্ধুই আনজনক শোৱা পাটীতে এৰিথৈ নিজৰ গাঁৱলৈ ঘুৰি গৈছিল । মাত্র এবাতি ভাতৰ বাবেই ফেক্টৰীত গেবাৰী খাটি কাম কৰাতকৈ তেওঁ নিজৰ পৈতৃক মাটিত খেতি বাতি কৰাই উচিত হ'ব বুলি সিদ্ধান্ত ল'লে । ল'ৰাজনে অত্যাধিক পৰিশ্ৰম আৰু মনযোগেৰে কৰা খেতিৰ ফচলে বজাৰৰ গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ধৰিছিল।  খেতি কৰ্মত সফলতাৰ মুখ দেখি ল'ৰাজনো উৎসাহিত হৈ উঠিছিল । নিজৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বলত কিছুবছৰ পাছত তেওঁ এজন অত্যন্ত ধনী আৰু সফল খেতিয়ক হিচাপে প্ৰতিষ্ঠিত হৈছিল । 
আনজন বন্ধুই শোৱাপাটীৰ পৰা উঠি লগৰজনক নেদেখি চিন্তিত হৈ পৰিছিল ।  এদিন দুদিন কৰি মাহ দিয়েক বাগৰি যোৱাৰ পাছতো বন্ধুজন উভতি নহাত তেওঁ মাত্র এবাতি ভাতৰ বাবেই ফেক্টৰীত কাম নকৰি আৰু অধিক মনোযোগেৰে কাম কৰি আৰু দুপইচা বেচিকৈ আৰ্জন কৰাৰ কথাহে চিন্তা কৰিলে । ফেক্টৰীটোৰ মালিকজনে আচলতে তেওঁৰ পৰা কি আশা কৰে তাক প্ৰথমতে বুজিবলৈ চেষ্টা কৰিছিলে । সেইমতে ল'ৰাজনে কঠোৰ পৰিশ্ৰম কৰি মালিকজনক সন্তুষ্ট কৰিব চেষ্টা কৰিছিল । ল'ৰাজন লাহে লাহে ফেক্টৰীটোৰ মালিকজনৰ চকুৰ মণি হৈ পৰিব ধৰিছিল।  ল'ৰাজনৰ পাৰদৰ্শিতাৰ বাবে মালিকজনে তেওঁক ফেক্টৰীটোৰ মুখ্য পৰিচালক পদলৈ উন্নীত কৰিছিল।  মুঠৰ ওপৰত লৰাজন নিজৰ পৰিশ্ৰম, অধ্যাৱসায় আৰু ইচ্ছা শক্তিৰ বলত নগৰ খনৰ এজন সফল আৰু  প্ৰভাৱশালী ব্যক্তিলৈ পৰিগণিত হৈছিল ।
    হঠাৎ বহু বছৰ পাছত দুয়োজন বন্ধু এদিন ইজনে সিজনক লগ পাই আবেগিক হৈ পৰিছিল । ইজনে সিজনৰ সাফল্য প্ৰাপ্তিৰ কাহানি শুনি অনুপ্ৰাণিত হৈছিল । তেওঁলোকৰ জীৱনৰ সেই সাফল্যৰ আৰঁত লুকাই থকা প্ৰকৃত ৰহস্যৰ কথা জানিবলৈ খুবেই উদগ্ৰীৱ হৈ পৰিছিল ।বাবাজীজনে বহু বছৰ আগতে  'মাত্র এবাতি ভাতৰ বাবেই' বুলি আচলতে কি বুজাইছিল তাক জানিবলৈও দুয়োজন উদগ্ৰীৱ হৈ পৰিছিল।  সেই বাবে দুয়োজন বন্ধু গৈ পুনৰ আশ্ৰমখনৰ বাবাজীজনৰ ওচৰ চাপিছিল । ইতিমধ্যে বুঢ়া হৈ পৰা বাবাজীজনক দুয়োজনে সকলো কথা বিৱৰি কৈ তেওঁলোকৰ জীৱনৰ সফলতাৰ আৰঁত লুকাই থকা ৰহস্য তথা তেওঁ কোৱা কথাশাৰীৰ প্ৰকৃত অৰ্থ জানিব বিচাৰিছিল ।  তেওঁলোকৰ প্ৰশ্নৰ উত্তৰত বাবাজীজনে এইবাৰো সংক্ষিপ্ততে মাথোন কৈছিল  'পৃথক চিন্তাধাৰা'  ।
     বৰ্তমানে মই কৰ্মৰত কোবেল্কো নামৰ বহুজাতিক জাপানীজ প্ৰতিষ্ঠানটোৰ কিছু জৰুৰী কামৰ বাবে অলপতে আহমেদাবাদ চহৰলৈ গৈছিলো । কৰোণা মহামাৰীৰ ভয়াবহতা কিছু পৰিমানে সামকাটিবলৈ ধৰা বাবে  প্ৰতিষ্ঠানটোৰ যাৱতীয় কাম কাজৰ বাবে  দুই এখন ঠাই লৈ ভ্ৰমণ কৰিব আৰম্ভ কৰিছো ।  কিছু পৰিমাণে স্বাভাৱিকতাৰ ফালে ধাৱমান হোৱা বাণিজ্যিক, জগতখনত ভৰি দিয়েই কেপেক্স, অপেক্স, চাপ্লাই, ডিমাণ্ড, আৰ ও আই, এন এচ পি, বিজিনেচ পটেনচিয়েল, লৱাৰ মাৰ্জিন,  মাৰ্কেট শ্বেয়াৰ,  কষ্ট প্ৰপ' জিছন , আৰু মাৰ্কেট বাউন্স বেক ইত্যাদিবোৰ শব্দৰ পুনৰ সন্মুখীন হ'বলৈ ধৰিছো।  বছৰটোৰ শেহতীয়া এই মাহ দুটাত ঠায়ে ঠায়ে ঘুৰি ফুৰি মই এটা কথা অনুধাৱন কৰিব পাৰিছো যে  কাম কৰি দুপইচা আৰ্জন কৰাৰ বাবে জনসাধাৰণ ক্ষুধাৰ্ত হৈ পৰিছে ।  কোন মুহূৰ্তত কৰোণাই  মহামাৰীয়ে পুনৰ ভয়াবহ ৰূপ লৈ উঠে তাৰ কোনো নিশ্চয়তা নাই।  সেই গতিকে সাম্প্ৰতিক অনুকুল  
অৱস্থাত যিকোনো প্ৰকাৰে দুপইছা আৰ্জন কৰিব পাৰিলেই যেন ৰক্ষা পৰে ।  জৰ্জ্জৰিত হৈ পৰা  অৰ্থনীতিক উন্নীত কৰাৰ মানসেৰে নতুন উদ্যম আৰু আশা বুকুত বান্ধি লৈ নিজৰ নিজৰ কৰ্ম ক্ষেত্ৰখনবোৰলৈ তেওঁলোকে বাউন্স বেক ( প্ৰত্যাগমন ) কৰা দেখি নিজেও যথেষ্ট অনুপ্ৰাণিত হৈ পৰিছো।  কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল আমাৰ অসমীয়া মানুহ খিনিৰ আকৌ এই সাময়িক অনুকুল ক্ষণত বাউন্স বেক ঘটিছে কিছু অপ্ৰাসংগিক ক্ষেত্ৰত । শীতৰ আগমনৰ লগে লগে পিকনিক ( বনভোজ) নামৰ বিকৃত আসুৰিক উৎসৱ পালন, ফুড ফেষ্টিভেলৰ নামৰ এক মুক্ত নিচাসেৱনৰ উৎসৱ পালন , বাপতিসাহোন মাঘৰ বিহুটোক বিকৃত কৰি বিহু মেলা উদযাপন অথবা সস্তীয়া দালালৰ উচতনিত ৰাস্তাই পথে বাগৰি আন্দোলন উৎসৱ পাতিবলৈ খৰখেদা লগোৱা পৰিলক্ষিত হৈছে । মোৰ সোণৰ অসমৰ নৱ প্ৰজন্ম সকলক এটা কথাই কব বিচাৰিম যে সাম্প্ৰতিক সময়ত আমি সকলোৱেই উপৰোক্ত গল্পটোৰ বন্ধু দুজনৰ দৰে একে সমস্যাৰ সন্মুখীন হৈছো । সাধাৰণ নিৰ্বাহ কৰাটোও সকলোৰে বাবে এক বিৰাট প্ৰত্যাহ্বান হৈ পৰিছে । গতিকে অবাবত সময় নষ্ট নকৰি আহঁকচোন আমি সকলোৱেই পৃথক পৃথক চিন্তাধাৰাৰে আমি নিজৰ নিজৰ কৰ্মক্ষেত্ৰত বাউন্স বেক কৰি নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিবলৈ চেষ্টা কৰো । নহ'লে উৎসৱ পাৰ্বন আৰু অত্যাধিক মনোৰঞ্জন আৰু বিনোদনৰ বাবে ধ্বংস হৈ পৰা তিব্বতৰ দৰে আমাৰ জাতিটোও এদিন  কালৰ কৰাল গৰাহত যাহ যাব লাগিব ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)