জীৱনৰ প্ৰথম লেখা প্ৰকাশৰ দিনটো সচাঁকৈয়ে সকলোৰে বাবে এটা বৰ সুন্দৰ দিন। কিন্তু মোৰ ক্ষেত্ৰত ইয়াৰ কিছু ব্যতিক্ৰম। প্ৰথম লেখাটো প্ৰকাশৰ পিছত মই সুখী হোৱা নাছিলো। আগ্ৰহেৰে লিখিছিলো মই,মোৰে বান্ধৱী এজনীৰ অনুৰোধত পূজা সংখ্যা এখনত। কিন্তু যেতিয়া আলোচনী খন হাতত লৈ দেখিলো মোৰ লেখাটো সম্পূৰ্ণ আধাৰুৱা হৈ ছপা হৈছে,তেতিয়া বৰ দুখ পালো মনত। জীৱনত আৰু কেতিয়াওঁ নিলিখো বুলি ভাবিলো।কাৰণ মোৰ লাজ লাগিল এই ভাবি যে মোৰ আধাকৈ ছপা হোৱা লেখাটো পঢ়ি মানুহে বা কি ভাবিছে?
কিন্তু মোৰ মনৰ দুখ হয়তো "মা"শক্তিয়ে বুজিলে। তেওঁ আশীৰ্বাদ কৰি সুযোগ দিলে মোক পুনৰ হাতত কলম তুলি লবলৈ। ভুল বশত আধাকৈ ছপা হোৱা লেখা টো লিখিছিলো শাৰদীয় দুৰ্গা পূজাৰ সময়ত "মা" যেতিয়া ধৰালৈ নামিছিল। দ্বিতীয় বাৰ "মা"য়ে মোক সুযোগ দিলে যেতিয়া "মা" ৰজঃস্বলা হৈছিল। মেডিচিন বান্ধি অনা পেপাৰ এখনত দেখিবলৈ পালো লেখা বিচাৰিছে কৰ'নাৰ বাবে "ঘৰখনেই ৰক্ষা কৱচ" বুলি।
মনত সাহস গোটাই মা সৰস্বতীৰ নাম লৈ লিখি গ'লো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খন মহিলা অসমীয়া আলোচনী "ওৰণি"ৰ পাতত। "ওৰণি"ৰ জননী আছিল আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ পদ্মশ্ৰী এলি আহমেদ বাইদেউ।। মনলৈ অহা ভাৱবোৰ লিখি জমা দিলো নিৰ্দ্দিষ্ট ঠিকনাত। প্ৰায় ছমাহ মানৰ পিছত ৩০/১২/২০২০ তাৰিখে ৰাতি ৯ টা মান বজাত এলি বাইদেউৱে ফোন কৰি ক'লে কাইলে প্ৰেছ ক্লাৱত "ওৰণি"খন উন্মোচন কৰা হ'ব। কেইটা বজাত হ'ব সুধিবলৈ থাকি গ'ল। প্ৰেছ ক্লাৱত থকা ভাইটি এজনক সুধি গম পালো সেইদিনা প্ৰেছ ক্লাৱত ৩খন মিটিং আছিল।আৰু এলি বাইদেউৰ খন দিনৰ ১ টা বজাত হ'ব। পিছদিনা অৰ্থাৎ ৩১ তাৰিখে যথা সময়ত গৈ প্ৰেছ ক্লাৱ পালো। ভাল লাগিল।সুন্দৰ পৰিৱেশ। উৎকণ্ঠাৰে বাট চাই ৰলো আলোচনী খন হাতত পাবলৈ। পদ্মশ্ৰী এলি আহমেদ বাইদেউৱে লিখা গান এটা নেম কেয়াৰ হস্পিটালৰ স্বত্বাধিকাৰী ডাঃ হিতেশ বৰুৱা দেৱে সুৰ কৰি গান গাইছিল। দূৰে দূৰে থাকা তুমি দূৰে দূৰে,নাহিবা কাষলে বুকুৰ মাজলে। গোটেই সভা গৃহ নিস্তব্ধ হৈ গৈছিল সুন্দৰ সংগীতৰ মূৰ্চ্ছনাত। মঞ্চ অলংকৃত কৰা সকলো শ্ৰদ্ধাভাজন ব্যক্তিৰ সাৰুৱা ভাষণ শেষ হোৱাৰ লগে লগে ঘোষণা কৰিলে প্ৰায় ২০০ লেখাৰ ভিতৰত ৩৭ গৰাকীৰ লেখা লোৱা হৈছে। সেই সকলৰ নাম হৈছে...স্তম্ভিত হ'লো অলপ সময়ৰ বাবে। তাৰমানে মোৰ লেখা নোলাব? কাৰণ সৃষ্টিৰ পথাৰত বীজ সিঁচিছোহে মাত্ৰ। নামবোৰ শুনাৰ ধৈৰ্য্য নাছিল মোৰ। কেৱল ভগৱানক স্মৰিছো। এনেতে মোৰ কাষৰ মৰমৰ বা এগৰাকীয়ে মোক ক'লে জবা,অভিনন্দন।তোমাৰ নাম মাতিছে। এক বুজাব নোৱাৰে সুখানুভূতিয়ে মোৰ মন প্ৰাণ চুই গ'ল। কিন্তু তেখেতৰ নামতো নামাতিলে। বেয়া লাগিল খুউব মোৰ। কাৰণ তেওঁ বৰ ভাল লিখে। হয়তো সেইদিনা তেওঁৰ দিন ভাল নাছিল। যি নহওঁক যেতিয়া মঞ্চত উঠি কিতাপ খন হাতত ললো আনন্দত দুধাৰি লোতক বৈছিলে দুচকুৰে। ওৰণি" খন হাতত লৈ তাতেই পঢ়ি পেলালো মোৰ লেখাটো। মন মোৰ আনন্দত নাচি উঠিছিল যেতিয়া দেখিলো মোৰ লেখাই স্থান পোৱা "ওৰণি" খনত পদ্মশ্ৰী নলিনীবালা দেৱী,সৰস্বতী ডঃনিৰ্মল প্ৰভা বৰদলৈ,জানপীঠ বঁটা বিজয়ী মামণি ৰয়চম গোস্বামী,সাহিত্য অকাডেমী বঁটা বিজয়ী নিৰুপমা বৰগোহাঁঞি কে আদি কৰি স্বনাম ধন্য মহীয়সীৰ লেখা ইতিমধ্যে প্ৰকাশ পাইছিল। ডাঃ হিতেশ বৰুৱা দেৱে কৈছিল,"আমি ডাঃ মানুহ হৈয়ো চিন্তা নকৰা কথাটো এলি বাইদেউৱে চিন্তা কৰি দেখুৱালে আৰু আপোনালোকে বৰ সুন্দৰকৈ নিজৰ ভাৱ নিগৰালে বগা কাগজত নীলা চিয়াঁহীৰে।সচাঁকৈয়ে পুৰণি সুন্দৰ স্মৃতিয়ে মনত উৎসাহ যোগালে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ। ৩১/১২/২০২০ দিনটোৱে মোৰ মনত এখন সুন্দৰ ছবি আঁকি গ'ল। মই নিজকে ধন্য মানিছিলো সেইদিনা কাৰণ ৩৭ গৰাকী মহিলাৰ লেখনিৰে সমৃদ্ধ মহিলা আলোচনী "ওৰণি"ৰ সোণালী জয়ন্তুীৰ সেই সংখ্যাটি আছিল সমগ্ৰ দেশ আৰু বিদেশৰ বাতৰি কাকত আৰু আলোচনীৰ ভিতৰতে 'কৰ'না সংখ্যা'ৰূপে প্ৰকাশিত একমাত্ৰ আলোচনী আছিল। ভগৱানে মোক অমূল্য উপহাৰ দিছিলে ৩১ ডিচেম্বৰ ২০২০ চনত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ