কালিলৈ মই জী উঠিম - ববী দত্ত

মই জীয়াই আছিলোঁ
মৰি মৰি জীয়াই আছিলোঁ
ভৰিৰ তলত শুই আছিল শেষ শীতৰ
এমুঠি নিৰ্লিপ্ত শুকান সৰাপাতৰ আৱৰ্জনা।

দৃষ্টিৰ সন্মুখত লুকাভাকু খেলিছিল
ধুমুহাৰ সম্ভাৱনা কঢ়িয়াই অনা ডাৱৰৰ বিধ্বংসনা ৰূপ
সময়ৰ ফেনিল মূৰ্তিৰ কবলত এদিন মোৰ মৃত্যু ঘটিল।

এতিয়া মই অলপকৈ জীয়াই উঠিছোঁ
জী উঠিছে মোৰ সমগ্ৰ নাৰী সত্বা
বাহিৰৰ প্ৰবল প্ৰভঞ্জন মোৰ নাৰী হৃদয়ৰ প্ৰাচীৰ
প্ৰাণৱন্ত সপোনৰ এটি সৰলীকৃত প্ৰতিসৰণ
মুকলি হৈছে স্তিমিত নাৰীৰ মন্ময় অভিব্যক্তি।

কালিলৈ মই পুৱা বেলাতেই বিশাল ৰূপত 
জী উঠিম বিশাল ছাঁ এটাৰ দৰে
মানৱীয় গুণেৰে অভিষিক্ত হৈ
মূৰ্তিমান সত্বালৈ সঘনে ৰূপান্তৰিত হব
এখন উদাৰ আকাশ
'হেলাচ'ৰ সংলাপৰ দৰে তেতিয়া মোৰ ওঁঠত বাগৰিব গীতি মালিতাৰ মৌ ৰস
জিঞা পাখিৰ দৰে তোমাৰ আলফুলীয়া হৃদয়খন থমকি থমকি আলফুলে চুই চাম
এক আসন্ন সম্ভাৱনা আৰু সুখ উন্মাদনাৰ মিশ্ৰণ তাতে দেখা পাম
অব্যক্ত বেদনা আৰু নিদাৰুণ আঘাতৰ যুগল বন্দী 
আবেদনৰ ৰূপত মোৰ সপোনবোৰ 
জাকি মাৰি যাব ।

অনবদ্য গীতিময়তাৰ স্বৰ্ণিল সংস্পৰ্শ

কালিলৈ মই জী উঠিম তোমাৰ হাতত ধৰি
গতি কৰিম অনন্তলৈ বিপুলায়তন চিন্তা আৰু 
সমস্ত গভীৰতাৰে।
*****************

Post a Comment

Previous Post Next Post