শব্দবোৰ আধৰুৱা
সৃষ্টি আৰু সমাপ্তি কি নাজানোঁ?
হ'ব জানো এটি কবিতা!!
জ্বলি থকা হৃদয়ৰ
জুইকুৰা নুমাবলৈ;
অশ্ৰুকণ মচিবলৈ
শব্দবোৰ সজাইছোঁ
হ'ব জানো এটি কবিতা!
ক'ৰবাত প্ৰেম,
ক'ৰবাত বিষাদ,
ক'ৰবাত আশা,
ক'ৰবাত সপোন।
এনেকৈয়ে সৃষ্টি হয়
মোৰ কবিতা।
কবি মই নহয়
মাথোঁ প্ৰেমিকা মই কবিতাৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ