ঝৰ্ণাৰ চাকৰি জীৱনৰ প্ৰথম দিন । পুলিচৰ পোছাকযোৰ পিন্ধিবলৈ লৈ তাইৰ বৰজনাকৰ কথাষাৰ মনত পৰিল..."বিয়া হ'লেই যে দৌৰিব নোৱাৰিব তেনেকুৱা কিবা কথা আছে নেকি ? কিমান বোৱাৰীয়ে হাফ পেণ্ট পিন্ধি দৌৰি থাকে , তুমি লাজ কৰিলে কেনেকে হ'ব ? পঢ়া-শুনা আছে যেতিয়া কিবা এটা কৰিলে আমি কিয় আপত্তি কৰিম ।"
বিয়াৰ আগত যিখন ঘৰৰ কথা মানুহে তাইক বেয়াকৈ কৈছিল আৰু তাইৰ সপোনবোৰ আধৰুৱা হ'ব বুলি কৈছিল সেই মানুহবোৰৰ প্ৰতি ঘৃণা আৰু ককায়েকৰ দৰে মৰম কৰা , তাইক বুজি পোৱা বৰজনাকৰ প্ৰতি হৃদয়ত শ্ৰদ্ধা আৰু ভক্তি উপচি পৰিছে ।
✍️অঞ্জনা শইকীয়া