এইখন ধুনীয়া ধৰণী।
উত্তৰৰ পৰা দক্ষিণলৈ
বলিব ফাল্গুনী বতাহ
তেতিয়াই ফুলিব শিমলু মদাৰ
পলাশ আৰু কত যে কি ফুল?
নাহৰো ফুলিব, বকুলেও বিলাব সুবাস।
কি ফুলে জুৰাব তোমাৰ হৃদয়?
কৃষ্ণচূড়াই মোহিবনে,
সোণাৰুফুলে
কৰিবনে হালধীয়া মন?
এজাৰ ফুলে আনে নেকি
হৃদয়ত লহৰ,
খৰিকাজাই, কামিনীকাঞ্চনৰ সুবাসে
উতনুৱা কৰেনে প্ৰাণ?
শেৱালি, এৰাতিৰ আলহী তুমি
আমোলমোল সুবাস বিলাই,
পাৰি দিয়া দুবৰিত শুভ্র দলিচা।
অনন্ত সৃষ্টিৰ সৌন্দৰ্য্যত,
অলেখ ফুলৰ দৰে
তুমিও মুকুতাৰ মণি।
তোমাৰ সুগন্ধি পৰশতে
সাৰ পাওঁ মই দুভাগ নিশা,
নিয়ৰ সনা পূৰ্ণিমা ৰাতি।
তলভৰা ফুলৰ দলিচাত ৰচোঁ
বৰ্ণময় শব্দৰ মালা গাঁঠি
কবিতাৰ ঘৰ।
আপোন বিভোৰ,
এই সপোনৰ ঘৰত দেখোঁ,
সেউজবুলীয়া অলেখ ৰং।
ফুলৰ সমাহাৰ,
এইখন বৰণীয়া পৃথিৱী।
সুগন্ধিৰ আলয়ত
অলেখ সুবাস।
এই সুবাসৰ মাজৰে
চাওঁ আমি ধুনীয়া ধৰণী,
হৃদয়-বুলীয়া ফুলৰ
সুবাসে - সুবাসে।
দুখৰ গধূলি বোৰত
আনি দিব নেকি,
বেদনাৰ অনুৰ্বৰ ভূমিত
অতি মাৰীয়ে ঢুকি নোপোৱা
অন্য এক সৌন্দৰ্যৰ পৃথিৱী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ