সূর্যোদয়(খণ্ড নং-২৮)-ৰাজেন দাস

©Admin
0
(১)
এই পৃথিৱীত বহু মানুহ। তাৰে কিছুৱে কষ্ট কৰে। কিছুৱে নকৰে। অৱশ্যে নকৰা কৰা নিজৰ কথা। জীৱন যিহেতু এটাই। কোনোবাই কাম কৰি মৰে। কোনোবাই কাম নকৰাকৈ মৰে। নকৰাকৈ মৰাটো সুকীয়া কথা। সমগ্ৰ জীৱন আনৰ বাবে কাম কৰি যোৱাও আন এক সুকীয়া কথা। কিছুৱে ভাৱে জীৱন এক। প্ৰতি মুহূর্ততে আনন্দত থাকোঁ। কাজিয়া-পেছাল নকৰাকৈ থাকোঁ। আজীৱন সাহিত্য সাধনা কৰোঁ। 
 গতি এটা থাকে। সকলোৱে বিচাৰে। গতিৰ বাহিৰে মতি নাথাকে। গতি লাগিবলৈকো লাগিব  গতিলৈ গৈ থাকিব লাগে। সময় অসময় কোনো কথা নাথাকে। সময় শিক্ষক। সেয়েহে ইয়াৰ পৰা সাৰিব নোৱাৰি। বাৰে বাৰে মই ফেইল হৈ থকা কথাটোৱে দুখ দিয়ে। দুখ দিবও। নিদিলেনো  শিকোৱেই বা কি গৰজত। বালীলৈ যি পাত সুগ্ৰীবলৈকো একেপাতেই। কাৰণ সকলোকে এদিন সময়ে সুবিধা দিব।সকলোকে এবাৰ সুবিধা দিব। তোমাকো সুবিধা দিব। মোকো সুবিধা দিব। 
 ঘৰৰ পাচলিকেইটা, গাজকেইটা, কলদিল,পচলা,সান্দহ,অলপমান গাইগৰুৰ গাখীৰ, খৰিচা, ঔ-টেঙাকেইটা, ঢেকীয়া দুডালমান, কচুৰ থোৰ,ঘৰৰ হাঁহৰ কণী দুটিমান,কেঁচা মাছ ইত্যাদি ঘৰৰ পৰা আহে। মায়ে যতন কৰি দিয়ে লৈ আহো। লৈ আনে। আনি দিয়ে। অনুৱাই লওঁ। মাক ফোনত কৈ পাঁও-
"মা, মোৰ সময় নাই, পৰীক্ষা ভাল কৰিবই লাগিব। বয়সো ৰৈ নাথাকে।"


   (২) 
"ভাল লাগিল, উজনিৰ আপাটো। নেট/শ্লেটৰ কথাবোৰ আলোচনা কৰি। তুমি বহু কষ্ট কৰিছিলা। সেয়ে ফল হাতে হাতে। মইয়ো কষ্ট কৰিছিলোঁ। ফল নাহিল। মোৰ কৰ'বাত নহয় কৰ'বাত চাবলগীয়া আছে। ভাবিবলগীয়া  আছে। পঢ়ি বলগীয়া আছে। নিজক নঠগি পঢ়িছিলোঁ। কিন্তু কি হ'ব! দোষ নিজৰেই। "
ধন্যবাদ দেই। তাই তেনেদৰে কৈ যায়। পৰীক্ষা ৰ বাবে কি কি পঢ়ো কৈ যাঁও। নিজেও পঢ়ো। তাইতকৈ মই অগ্ৰজ বুলি "নাকে যদি ধৰে লাজে, নাচাঁও মই পাতৰ মাজে... " ৰ ভাৱ নহা নহয়। উপায় নাই। আজিকালি ল'ৰা-দামৰি বৰ চোকা হ'ল। তেনেকৈ নাকীনথকা গৰুৰ দৰে উদঙীয়াও হ'ল। দায়িত্বশীল মানুহ হৈছে আনফালে হিংসুক প্ৰবৃত্তিৰ লগতে যৌনাকাংশিত প্ৰৱণতা বৃদ্ধি পাইছে। যাৰ ফলত বাতৰিত ধৰ্ষণ, মৃত্যু, দাবী, জ্বলাই, সমাজচ্যুতৰ দৰে কাণ্ড-কাৰখানা দিনক দিনে সৰহীয়া হৈ আহিছে। এনেকৈ হৈ থাকিলে পৃথিৱীখনত আমাৰ কাল টুটি আহিব। কোনেও কাকো নমনা হ'ব। হৈছে। ল'ৰা-ছোৱালীক শিক্ষাৰে আগুৱাই নিয়াৰ বাদেও নিজক, আনক নিৰাপত্তা দিয়াৰ দৰে শিক্ষাৰে গঢ়ি তুলিব পাৰিব লাগিব। নৈত কোনোবা উটি গ'ল,কোনোবা কণমানিয়ে কেইবাগৰাকীৰ প্ৰাণ বচালে।কাৰণ সি সাতুৰিব পাৰে। তেনেকৈ কোনোবা শত্ৰুৰ পৰা বলেৰে নহ'লেও বুদ্ধিৰে সমনীয়াবোৰক বচালে এনে আঙুলি মূৰত লেখিব পৰা নাম ওলাব। অ' ওলাব লাগিব। কাৰণ পৃথিৱীত শাস্ত্ৰই কৈ যোৱা মতে-
"ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়"। 
এনে নোহোৱাও নহয়। মহাভাৰতত কয় নহয় বোলে কলি যুগে কল্কিঅৱতাৰ । আনকেইটা যুগ হল সত্য, ক্ৰেটা, দ্বাপৰ। ক'ত শত মহাপুৰুষ আহিছে। আহি আছে। গৈ আছে। আহো আহো কৰি আছে। জোনাকীৰ কবি চন্দ্ৰকুমাৰে কৈছিল-
" আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ...। "

  (৩) 
সকলো মানুহৰ বিশেষ মুহূর্ত থাকে। সেই মুহূর্ত যিমানেই ডাঙৰ বা সৰু নহওঁক আনন্দটো কৰি ল'বই লাগে। সেই আনন্দৰ ভাগ আনকো দিব লাগে। কোনে জানে সেই আনন্দতে আনজনেও আৰু আনন্দ আনিব। এনে প্ৰক্ৰিয়াটি চলি থাকিব। মোৰ পৰীক্ষা ভাল। ইমানো মহান কাম নহয়। অথচ হয়টো একেবাৰে ভুকুতে কলটো পকাই ফিকাচাহৰ লগত সোহা মৰাৰ দৰে কথাও নহয়। আইতাকো জনাইছোঁ। যদিও আই তাই দেশ ধুনীয়া কথা নাজানো। ভুল বলকে। বয়স ভাটি দিছেগৈ। নিজৰ পৰিয়ালৰ, ওচৰ-পাজৰৰ মানুহ, জী-বোৱাৰী, পো-নাতি পাহৰি পেলাব ধৰিছে। কথা পাহৰিব ধৰিছে। খোৱা-বোৱা কমাই পেলাইছে। তথাপি আইতাই মূৰত হাত ফুৰাই অন্তৰত শোকচাতিক বুজাই -বঢ়াই থকাটো মই বাৰুকৈয়ে মন কৰোঁ। মাজতে কান্দিও পেলায়। ভাৱে বোধহয় মই নাতি পুতিক ভালকৈ সহায় কৰিব পৰা হ'লে, দেখুৱাই-শুনাই দিব পৰা হ'লে, পিকৰঙা মুখেৰে জধলা চুমা আঁকি দিও নে?একোলা লৈ পেলাও লৈ পেলাও। । পিঠিত বোকোচা বান্ধি ঘৰৰ বন ইটো-সিটো কৰি শিয়ালী নাম মাতো নেকি? গুৰুঘৰটোকে গোবৰ কেইচৰীয়ামান আনি লেপি পেলাব পৰাহ'লে? থাপনাখনত নাতিয়ে নেদেখাকৈ সকামে-নিকামে,কোনোবাই মৰমতে দিয়া দুপইচা সাঁচি ৰাখিব পৰাহ'লে?ভোকগুচাই পইতাভাতৰ লগত অসমীয়া পিঁয়াজ, পিটিকাৰে একাহী ভাত দিব পৰা হ'লে, মধুৰীএকোচনী পাৰি দিব পৰা হ'লে, বাৰীৰে লাই, পালেং, বকলামাহ, কেৰেলা, মাটিকান্দুৰী এসোপামান, ৰাঙলীজনীৰ গাখীৰ অলপ, অখোৱা চাউল এসেৰ-দুসেৰমান দিব পৰাহ'লে গোলাইয়ে সিহঁতক ভোকগুচাই খোৱাব পাৰিলেহেঁতেন। কিন্তু এই সকলো এতিয়া ইতিহাস। "ভাল হওঁক। দে। তেৰাই উদ্ধাৰ কৰক। দুখীয়া পোনা। মইনো কি দিম। বাৰী মানুহ। প্ৰভূকে সকলো... "। 

ক্ৰমশঃ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)