বাস্তৱ

©Admin
0
আপুনি যে
অকলশৰে গৈ আছে অতদিনে
তাৰ খবৰ কোনেও লোৱা নাই,
মূৰৰ ওপৰত চোকা ৰ’দ
ভৰিৰ তলুৱাত ভঙা কাঁচৰ আঁচোৰ
আপুনি অকলেই সহ্য কৰিছে৷
আপোনাক অকণমান সকাহ দিয়াৰ
অৱকাশ নাই কাৰোৰে হাতত৷
ৰ’ব
ভুল নুবুজিব
আপোনাক আলেঙে আলেঙে
চোকা নজৰত ৰাখিছে সকলোৱে,
এবাৰ মাথোঁ উজুটি খাই পৰক
আপোনাৰ বাটত
আপোনাক সমালোচনা কৰা
মানুহৰ অভাৱ নহ’ব৷
জোৰকৈ মচি দিয়াৰ চেষ্টা চলিব
আপোনাৰ অতদিনৰ স্বাভিমান,
আপোনালৈ সহায়ৰ হাতখন
তেতিয়াও আগুৱাই নিদি
আপোনাক
বদনামী কৰাৰ প্ৰয়াস চলিব অহৰ্নিশে..

- প্ৰণৱ চক্ৰৱৰ্ত্তী
নলবাৰী, ৯৮৬৪১৪৯৬৬৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)