একাঁজলী বিৰহ খণ্ড নং-৩১

©Admin
0
তেজৰ পৰিমাণ কমি আছে।সন্তান প্ৰসৱৰ সময়ত অসুবিধাৰ সন্মুখীন হʼব পাৰে বুলি কোৱা ডাক্তৰৰ কথাষাৰত তগৰৰ আশা আৰু অংগনবাদী বাইদেউ দুজনীলৈ মনত পৰিল।বাৰে -বাৰে তাইক ভাল খাদ্য ফল-মূল,আইৰণ টেবলেট নিয়মিত ভাবে খাবলৈ সু-পৰামৰ্শ দিছিল।এসাঁজ ভাত বেছিকৈ খাবলৈ পৰামৰ্শ দিছিল। নহ'লে তেজৰ পৰিমাণ কমি যাব আৰু সন্তান জন্মৰ সময়ত মৃত্যু পৰ্যন্ত হ'ব পাৰে বুলি তাইক বুজাইছিল।কিন্তু তাই এসাঁজ ভাত বেছিকৈ খোৱা, ভাল খাদ্য খোৱা দূৰৰে কথা সময়ত তিনি দিনলৈকে লঘোনে থাকি লেবেজান হৈ পৰি থাকিব লগা হৈছিল।নিষ্ঠুৰ তা শাহুৱেকক ভগৱানে শাস্তি প্ৰদান কৰিব।কথাষাৰ ভাবি তাই ভাল লাগিল যদিও মৰিম বুলি ভাবি লোৱা তাই মনটোৱে পিতৃসম ৰামভাইক আৰু অন্তৰৰ নিভৃত কোণত প্ৰেমৰ উন্মেষ জগাই তুলি মনে-মনে নিজকে প্ৰেমিকা ৰূপত ভাবি লোৱা তাই প্ৰেমিক ৰণক এবাৰ চাবলৈ মনটো উদবাউল হৈ পৰিল।

কথাবোৰ ভাবি -ভাবি  দুখৰ হুমুনিয়াহ এটা বুকু ভেদি পিঠিয়েদি যেন পাৰ হৈ গ'ল।বজ্ৰাহতৰ দৰে স্তব্দ দেহাটোৰ দুচকুৱেদি দুধাৰী চকুলো বৈ আহিল।ৰমাকান্তই ৰুমলৈ সোমাই আহি তগৰৰ চকুত চকুলো দেখি ,ডাক্তৰৰ কথাটো শুনি যে ভয়ত কান্দিছে বুলি বুজি পায়, লাহেকৈ তগৰৰ পিঠিত হাত বুলাই, বুজাব চেষ্টা কৰি ক'লে, আঁকৰিজনী ডাক্তৰে তেজৰ পৰিমাণ কমিছে বুলি কোৱাতেই ভয় খাই কান্দিছে।মই আছো নহয়, অযথা চিন্তা নকৰিবা।ভাল খাদ্য খাবলৈ নোপোৱাৰ বাবেহে দেহত তেজ কমিল।কোনো কথা নাই।কাইলৈ ডাক্তৰে তোমাক তেজ দিব।তোমাৰ ক্ষুদ্ৰতম অমংগল হ'বলৈ মই নিদিওঁ। যাৰ কোনো নাই তাৰ বাবে ভগৱান আছে।তোমাৰো এই সংসাৰত কোনো নাই।মোৰো কোনো নাই।এটা সময়ত তোমাৰো আছিল মোৰো আছিল।এতিয়া আমি নিজৰ বাবেই জীয়াই থাকিব লাগিব।বিভ্ৰান্তৰে ভৰা এই জগতখন এখন জুই লগা অৰণ্যৰ দৰে।অৰণ্যত জুই লাগিলে তাত থকা জীৱ-জন্তুবোৰ বিব্ৰত হৈ পৰে।সিহঁতে বুজিব নোৱাৰে যে , কলৈ যাব, কি কৰিব।জ্বলি থকা অৰণ্য সদৃশ এই পৃথিৱীৰ সকলোৱেই বিভ্ৰান্ত।এই জুই কেনেকৈ নুমুৱাব পাৰি?মানুহৰ দ্বাৰা নিৰ্মিত অগ্নি নিৰ্বাপক বাহিনীয়ে বন জুই নুমুৱাব নোৱাৰে।বাল্টিয়ে-বাল্টিয়ে পানী ঢালিও সেই জুই নুমুৱাব নোৱাৰে।বৰষুনৰ পানীয়েহে বনজুই নুমুৱাব পাৰে।এই বনজুই নুমুৱাব পৰা ক্ষমতা কেৱল ভগৱানৰ হাততহে আছে।সেই বাবে আমি একমাত্ৰ ভগৱানক চিন্তা কৰিব লাগে আৰু নিজৰ কৰ্ম কৰি যাব লাগে।আমি কৰ্মহে কৰিব পাৰোঁ, প্ৰতিফল ভগৱানৰ হাতত।তোমাক অন্যায় কৰা মানুহবোৰৰ কথা তুমি ভাবিব নালাগে।সেইয়া ভগৱানৰ অপৰাধী।দুৰ্বলীজনক অন্যায় কৰা জনক ভগৱানে তাৰ শাস্তি প্ৰস্তুত কৰি থৈছে।তেওঁ জিকিলো বুলি ভাবি লোৱাটো তেওঁৰ মনৰ ভ্ৰম ।
ৰমাকান্তৰ বুজনিত তগৰ শান্ত হৈ পৰিল।

ইফালে তগৰৰ শাহুয়েকৰ সপোনো ভাগিল, টোপনিও ভাগিল।বিছনাখনত বহি লৈ মানুহেজনীয়ে চটফটাবলৈ ধৰিলে।সপোনত কেঁচুৱাৰ মাত।বোৱাৰীৰ কেঁচুৱা হ'ল নেকি?এই মাহতেই ভাল হোৱা দিন আছিল।ধাপংকৈ বুকুখন থপৰিয়াই থপৰিয়াই মানুহজনীয়ে চুলি আজুৰিবলৈ ল'লে।দীঘলকৈ বিষাদৰ হুমুনিয়াহ এটা এৰি বিছনাখনৰ পৰা নামি আহিল।নিতালমাৰি পৰি ৰোৱা জনপ্ৰাণীহীন ঘৰখনত ঘূৰি ফুৰিব ল'লে।ওচৰচুবুৰীয়াই বোৱাৰীয়েকক অন্যায় কৰা প্ৰতিফল ভুগিছে, বুলি কʼব লʼলে
অকলে অকলে হঁহা কন্দা কৰি ঘৰতেই জুপুকালাগি বহি থাকে।কোনোবাই মাতিলে, কিছু পৰ মুখলৈ চাই নিৰৱে আঁতৰি যায়, একো নকয়।বোৱাৰীয়েকক কথাই প্ৰতি কুলক্ষনী বুলি কোৱা শাহুয়ে বোৱাৰী আঁতৰি যোৱাত অভিশপ্ত মূৰৰ ওপৰত যে নিষ্ঠুৰ বজ্ৰ এপাট উদ্ধত কৰি নিয়তিয়ে হাঁহিব এবাৰো ভবা নাছিল ।

আগলৈ,,,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)