নাৰী

কিয় লাগে এটা দিন,
কেৱল তোমাৰ বাবে.?
নোহোৱাকৈ তুমি পৃথিৱীত
জীৱন ,হয়নে অনুপম..?
শান্তিৰ সঁফুৰা..!
নিয়ৰ সিক্ত শেৱালী হৈ,
আহিছিলা ধৰালৈ,
পবিত্ৰতাৰ ছবি আঁকি,
সৃষ্টিৰ পাতনি তুমি,
ত্যাগ,সাহস, শক্তিশালী
অনন্যা তুমি জ্ঞানদায়ীনী!
পিতৃ গৃহতো হʼলা এদিন
ক্ষন্তেকৰ আলহী...!
চʼতমাহৰ ভৰদুপৰীয়া,
খৰিছাৰে মাছ ভজা,
আইৰ হাতৰ চাউলকথা,
সিও হয় এদিন, অতীত গাথা।
নিজৰ শয়ন পাতিও দেখোন আনে কাঢ়ি লয়?
আপোন ঘৰখনতো অস্তিত্ব ই নৰয়।
অচিন জীৱনলৈ খোজ পেলালা,
সুকোমল শৰীৰো হল যান্ত্ৰিক পুতলা।
ক্ষত,বিক্ষত আঘাতত হৃদয় জুৰুলা
কিমান কৰিবা অভিনয়,
নিজৰ চকুলো ঢাকি..!
কৰ্তব্যৰ পোচাক পিন্ধি,
পাৰিছা জানো সন্তুষ্ট কৰিব আপোন জনক?
যুগে যুগে অৱহেলা
আজিও সীতাৰ হয় অগ্নি পৰীক্ষা,সত্বীত্বৰ...?
মুখা পিন্ধা ভদ্ৰ সমাজত,
মাতৃ হৈ ত্যাগৰ নমুনা..,
ধাত্ৰী পান্না হৈ সন্তান তোলা
পত্নী হৈ সৰ্বস্ব উজাৰি দিও,
পোৱা জানো তুমি সহৃদয়তা..?
দেৱী বুলি তোমাক পূজে...,
নৰপিশাচে ধৰ্ষণ কৰে....!
যুগ,যুগ ধৰি চলে বিচাৰৰ নাটক,
মৃত্যুৰ শীতল কোলাত তেতিয়ালৈ,
তুমি নিদ্ৰাৰত........!
আত্মাই উচুপি উঠে,
নৰপিশাচে অট্টহাস্য কৰে...!
কিয় লাগে এটা দিন তোমাৰ বাবে?
প্ৰতিদিনে,প্ৰতিক্ষণ হ'ব নোৱাৰে নে?
নাৰী তোমাৰ বাবে..

(মামণি বৰঠাকুৰ, মৰাণ, ডিব্ৰুগড়)

Post a Comment

Previous Post Next Post