নিজান ৰাতিৰ কবিতা

ৰাতিয়ে কথা কʼলে
তৰাবোৰ ফুল হৈ আকাশত ফুলে
নৈৰ পাৰৰ জোনাকীবোৰ
বননিলৈ নামে
বেদনাই যেতিয়া সপোনক বিচাৰি ফুৰে
তৰাফুলৰ মাজে মাজে
নিজান ৰাতিৰ কবিতাবোৰে তেতিয়া
চকুপানী টোকে।

✍️কুঁহিস্মিতা বৰা

Post a Comment

Previous Post Next Post