গাৱঁত বিহুনাম গোৱাৰ সুবাদতে চাকৰি জীৱনৰ প্ৰথম বছৰতে চহৰৰ বিহু কমিটি এখনৰ সহকাৰী বিত্ত সম্পাদক হোৱাৰ সৌভাগ্য (?) হৈছিল। সেয়াই আছিল মোৰ জীৱনৰ প্ৰথম গুৰুত্বপূৰ্ণ ৰাজহুৱা অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ দায়িত্বভাৰ। চহৰৰ মঞ্চবিহুৰ বিষয়ে কোনো জ্ঞান নথকা গঞা এটাক এনে পদবী দিয়াৰ আঁৰত অৱশ্যে ভাৰাঘৰৰ মালিকৰ কৃপা নে প্ৰভাৱ নে আন কিবা উদ্দেশ্য আছিল বুজা নাছিলোঁ। গৃহ সংসাৰত ভৰি নিদিয়া মই বপুৰাই বিহুৰ কালেকচনকে ধৰি যাৱতীয় কামত দিনে ৰাতিয়ে এনেকৈ খাটিবলগীয়া হ'ল যে সময়ৰ অভাৱৰ কাৰণে ভাত ৰান্ধিবলৈ এৰি প্ৰায়ে হোটেলৰ মালিকক বেছি ধনী কৰাৰ দায়িত্ব ল'ব লগা হৈছিল; তাৰোপৰি অফিচৰ সহকৰ্মী আৰু বৰমূৰীয়া সকলৰ ঠাট্টা মস্কৰাৰ লগতে গালি গালাজ বোৰ ‘এটা কিনিলে দুটা ফ্ৰী’ৰ পোৱাৰ দৰে পাইছিলোঁ। কোনে যানো কেতিয়া কেনেকৈ কিয় মোক ডেপুতি বুলি মাতিছিল কব নোৱাৰোঁ , মই কিন্তু সকলোৰে কাৰণে ডেপুতিয়েই হৈ গৈছিলোঁ । লেবাৰক চাহ আনি দিবলাগে - “ডেপুতি যোৱাচোন” , ৰভাৰ বাহঁ বান্ধিবলৈ ৰছি কমিল -ডেপুতি, মুকলি বিহুৰ বাবে আহঁতৰ ডাল এটা পুতিব লাগে- ডেপুতি, মাইকটোৰ মাত ঘেৰঘেৰাই ওলাইছে -ডেপুতি,জেনেৰেটৰৰ তেল আনা নহ'ল- ডেপুতি। কেৱল ডেপুতি আৰু ডেপুতি।নামত ডেপুতি কামত চীফ , দায়িত্বত শূণ্য ব্যস্ততাৰ পূৰ্ণ।
বিহুৰ দিনা "শ্ৰী ময়ী অসমৰ শীতল ... " বৃন্দ গীতেৰে পতাকা উত্তোলন কৰাৰ পিছত সৰু ল'ৰা ছোৱালীৰ খেলেৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰিছিল। দুদিনৰ পিছত পতা মেইন ফাংশ্বনহে মেইন বিহু আছিল। ষ্টেজত সভাপতি সম্পাদক প্ৰমূখ্যে সকলো বিষয়ববীয়াকে জাপি আৰু বিহুৱানৰে সম্বৰ্দ্ধনা জনোৱা হ'ল।ততৰ মাৰি ঘূৰি ফুৰা ডেপুতিলৈ কাৰো মনতেই নপৰিল।
লোকেল আৰ্টিষ্টৰ প্ৰগ্ৰেম সন্ধিয়াতে আৰম্ভহৈ মেইন আৰ্টিষ্ট মঞ্চত উঠালৈকে চলি থাকিল। মেইন আৰ্টিষ্টৰ প্ৰগ্ৰেম ৰাতিপুৱা লৈকে চলিব,মাজতে এটা বঁটা বিতৰণ আৰু সভাপতিৰ জীয়েকৰ বিহুনাচ আৰু সাধাৰণ সম্পাদকৰ নাতিয়েকৰ মডাৰ্ণ ডাঞ্চ আছিল। মেইন আৰ্টিষ্টৰ দুটামান গান গৈছিল মাত্ৰ, বিত্ত সম্পাদক আহি মোক কলে-“ এইখিনি ৰাখ,সৰু সুৰা দুটামান বেলেঞ্চ আছে দি ৰিচিপ্ত লবি ,গনি ল । মই কালি গুৱাহাটী যাম,অলপ শুই লংগে ” । এইবুলি মোক খাম এটা দি স্কুটাৰত উঠিলগৈ।গ্ৰীন ৰুমত গৈ গনি চালোঁ, সোতৰ শ সত্তৰ টকা । মনতে ভাবিলোঁ -“ যা হওক, সহকাৰী বিত্ত সম্পাদক হৈ লেনা-দেনাৰ দায়িত্ব এটাও যে পালোঁ ”। ৰাতিপুৱালৈকে বিহুতলীত মোৰ বাদে কমিটিৰ এজনো বিষয়ববীয়া নাছিল । নিজৰ পুত্ৰ-কণ্যা,নাতি - পুতিৰ প্ৰগ্ৰেম শেষ হোৱাৰ পিছত হয়তো ঘৰত ককাঁলটো পোনাবলৈ বিছনাত পৰোঁতেই টুপনি আহি গৈছিল ।
মেইন আৰু তেওঁৰ দলৰ অʼৰ এটুকুৰা তʼৰ এটুকুৰা যোৰাদিয়া বিহুগীতৰ লগতে নাচৰ শেষ প্ৰগ্ৰেমটো চলি থাকোঁতেই ইলেকট্ৰিক, মাইক, কাৰিকৰ, জেনেৰেটৰ আদিৰ মানুহে পইচা বিচাৰা আৰম্ভ কৰিলে। ভাগে ভাগে দি ৰিচিপ্ত ললোঁ। মনটো ভাল লাগি গ'ল।
মেইন এণ্ড পাৰ্টী নামিল। বিহু শেষ। সেই ব্ৰহ্মপুৱাতে শিল্পীৰ দলে মদে মাংসই ভাত খোৱা দেখি তবধ মানিলোঁ। চিগাৰেট এটা জ্বলাই লৈ এজনে মোক সোধিলে- “ডেপুতি বৰুৱা আপুনি নেকি?”। মই ‘হয় ’বুলি কোৱাত তেওঁ কলে - –“পেমেণ্টটো কিলিয়াৰ কৰিব”।
–“কিমান আছিল?"
– “গাড়ী আৰু আৰ্টিষ্ট মিলাই One thousand five hundred ”। মই বিবুধিত পৰিলোঁ।মোৰ হাতত তেতিয়ালৈ আঠ শ টকাহে আছিলগৈ। "মোৰ হাতত আঠ শ মান হে আছে, ইমান বেলেঞ্চ আছে বুলিতো মোক কোৱা নাছিল।"
–“কিয় , চেকেট্ৰেৰী আৰু সভাপতিয়ে আপোনাৰ হাতত পূৰা কেছ দি যোৱা বুলি কৈ গৈছে নহয়!"
–“নহয় ,মানে মোক ....”
—“কি নহয় মানে? বাহানা বাজি বন্ধ কৰক পেমেন্ট কৰক আমি যাব লাগে " । লাহে লাহে তেওঁৰ গৰম বাঢ়ি গৈ তৰ্জণ গৰ্জণ আৰম্ভ হ'ল। সিহঁতৰ ৬/৭জনে মোক আগুৰি ধৰিলে। মাল খাই ফিটিং দুজনৰ পিঠিত চামৰাৰ খামত ভৰোৱা তৰোৱাল আৰু ষ্টেনগান দেখি মোৰ ভয় লাগিল।(পিছত গম পাইছিলোঁ সেইকেইটা আচলতে বাঁহী আৰু মেণ্ডোলিয়ান হে আছিল) । অৱশ্যে মেইন আৰ্টিষ্ট জন আৰু দুজনমানে কিন্তু ভদ্ৰ ভাৱেই আছিল।বিত্ত সম্পাদকো নাই ,কি কৰোঁ।
–“ ৰবচোন, মই সাধাৰণ সম্পাদকৰ ঘৰৰপৰা আহোঁগৈ"
–“ ই পলাব।”
–“ইয়াক ৰুকা ”।
–" ঐ পলাবিতো ফালি যাবি”।
–“ ইয়াক ধৰ” ।
–“ঐ তোৰ ঘৰটো দেখা"!
–"ডেপুতিক আজি পুতি দিম"।
– “ঐ তোৰ নাম কি বে ?” যেন কাউৰীৰ বাঁহত জুইহে লাগিল। আপুনিৰ পৰা তই লৈ নামিল যেতিয়া কি কৰে ঠিক নাই।এই বুলি ভাবি বিত্ত সম্পাদকৰ নামটোকে কৈ দিলোঁ -“ মোৰ নাম মলিন ভড়ালী, ঘৰ সেইফালে আছে”। মই থকা ভাড়া ঘৰটোৰ ফালে আঙুলীয়ালোঁ।
–"ব'ল তোৰ ঘৰত।এক ধাক্কাত মাল বাহিৰ হৈ যাব ”।
এইবুলি মোক টানি লৈ গʼল।
তেতিয়া কাৰোবাক খবৰ দিবলৈ মোবাইল ফোন আৰু টকা ওলিয়াবলৈ এ টি এম মেচিন অসম কি ভাৰততে জন্ম হোৱা নাছিল। ট্ৰাঙ্ক মেলি তিনিশ টকা পাই মুঠ এঘাৰ শ আগবঢ়ালোঁ। আকৌ গালা-গালি চিঞৰ-বাখৰ। মালিক-মালিকনী চকু মোহাৰি মোহাৰি মোৰ ৰুম পোৱালৈ এটাই মোৰ বুকুত ধৰি গতিয়াইছিল।কথা বেগতিক বুলি বুজি মালিকে ভিতৰৰ পৰা চাৰিশ টকা আনি দিয়াত সিহঁত গলগৈ। যাওঁতে এটাই কৈ গ'ল-“আজি ডেপুতিক পুতি দিলোঁ হয়”।
দৌৰা দৌৰি কৈ গৈ লেট্ৰিনত বহি ভাবিলোঁ -" ডেপুতি মানে - পুতি দে।"
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ