তেজ মঙহে আমনি কৰিব নোৱাৰে যাক।।
অক্ষম্য অপৰাধী নহয় তুমি ক্ষমাৰ মালিক।
তোমাৰ ভাষা কৃষ্ণ, সম্ভাষণো কৃষ্ণ,
আৰু স্পৰ্শ?
সেয়াও কৃষ্ণ।।
জিহ্বাৰ আস্বাদনে তৃপ্তি দিব নোৱাৰে তোমাক
এই আকাশেই চোন সেই আকাশ বুলি চিনালা।
অপৰাধ প্ৰায়শ্চিত্ত এয়া তোমাৰ বাবে নহয়।।
তোমাৰ মৌনতায়ো কথা কয়,
অলিখিত শব্দই ঝংকাৰ তোলে।
হৃদয় দুৱাৰ সদায় যাৰ খোলা
তেওঁ আকৌ হৃদয় বিচাৰে কিয়?
জীৱন গঙ্গাৰ পবিত্ৰ পাৰত তুমি বহিছা
তোমাৰ পবিত্ৰ সঙ্গীতৰ ৰাগিনীত সকলো নিস্তব্ধ হয়।
ভাবনা সীমিত নহয় অসীম
দেহ সীমিত কিন্তু শব্দ অসীম।
অসীমক চুমিবলৈ সকলোৰে সাধ্য নাই।
মাটিৰ শৰীৰ সঁচা কিন্তু মাটিয়ে কাৰো প্ৰতিদান নিবিচাৰে।
যদি ময়ো পৃথিৱীৰ আৰাধনা কৰিব পাৰিলোহেঁতেন!!
যাৰ আৰাধনাত জীৱনৰ জন্ম হয়,
তেওঁৰ আৰাধনা কিমান মহৎ?
মানুহৰ দেহত যুগে যুগে দেৱতা মিলি থাকে,
অমৃত সকলোৰে লভ্য নহয়, হ'ব নোৱাৰে ।
শব্দই হে তোমাক ক্ষমিব।
অৰ্থত যে ৰস থাকে
ৰসত পৰমতত্ব থাকে,
বহুতেই নুবুজে।
বুজাহেঁতেন তুমি ভবাৰ দৰে
"মইত" মই নথকা কথাষাৰ
উপলব্ধি হ'ল হেঁতেন।
হে যুগজয়ী মহাত্মা - মই কলমেৰে তোমাক
পূৰ্ণাহুতি যাচিছোঁ।
✍️ ড° ৰুণুমী দত্ত ডেকা,
ৰঙিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ