আঘোণৰ বতৰা -ৰঞ্জু গায়ন বৰুৱা

আঘোণৰ সোণোৱালী পথাৰে মাতে ৰিঙিয়াই
আহ ঐ জীয়ৰী-বোৱাৰী , ডেকা- গাভৰু পিতাইৰ পৰিশ্ৰমৰ সোণগুটি লখিমীবোৰ আনোগৈ চপায় ।
ৰঙিলী , পমিলীৰ আলফুলীয়া দুহাতৰ পৰশ লাগি কাঁচি কোৱ খৰকৈ বাঢ়ি যায় ,
তাকে দেখি ডেকাহঁতৰ ম'ন মোহি যায় ।
দাৱনীৰ ' ৰঙা গাল দুখনিয়ে লগাই খলকনি
ওৰে ' ৰাতি নিশা নাহে ঘুমটি 
অ ' বলিয়া ম'ন কিয় যে ক'ৰ উচাটন ,,,,,,,,
বাৰে বাৰে সপোনত আহি লগাওঁ তই আমনি ,
কুঁৱলী চাদৰ ফালি পিতাইৰ ,
আশাৰ চোতাল ভৰি পৰে
সোণগুটি ধানৰ লগতে
লখিমী বোৱাৰী ।



Post a Comment

Previous Post Next Post