উত্তপ্ত বিষাদ- অমৰ নায়ক

Aditi Tanti
0
এবুকু বিষাদ সাবটি উজাগৰি নিশা পাৰ কৰিছোঁ‌
কাহিলি পুৱাতে উঠি জীৱন যুদ্ধৰ বাবে সাজু হওঁ‌ অ' বোপাই
খোৱা নোখোৱাৰ মাজতে মাৰাথান দৌৰত ভাগ লওঁ‌
কলঘৰৰ বিঙুলৰ শব্দত।
মিনিটো যদি পলম হয় 
চৰ্দাৰে মুখস্থ কৰি থোৱা গালিবোৰ শুনো
কত বৰল,পতংগই প্ৰত্যাহ্বান দি যায় তাৰো হিচাপ নাই অ' বোপাই।
দিনৰ দিনটো জলপানৰ লগত নিমখ পানী গিলি গিলিয়ে পাৰ কৰোঁ দিন।
জোকে ধৰা ভৰি বোৰ স্নানৰ পাছত ঠৰ ঠৰ কপে অ' বোপাই
গৰম লাল চাহ এবাটি পি পি ল'ৰা ছোৱালীৰ সংবাদ লওঁ‌
ভাগৰে আৱৰা দেহাটি লৈ পুনৰ পাকঘৰত ব্যস্ত
ভাত কেইটা লৰালৰিকৈ খাই শুলেই
স্বামীৰ হাই কাজিয়া আৰম্ভ হয়
এনেদৰেই জীৱন পাৰ কৰিছোঁ‌ অ' বোপাই
এনেদৰেই।

                               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)