মৰম - প্ৰণৱ চক্ৰৱৰ্ত্তী

অজানিতে দীঘল হৈছিল
সেই বাট
য’ত তোমাৰ সোঁহাতৰ আঙুলিত
ওলমি আছিল মোৰ বাওঁহাত,
সময় তেতিয়া চুটি হৈছিল
অথচ সেই সময় আছিল
ভীষণ প্ৰিয়৷
আজিও প্ৰিয় সেই সময়
একেই আছে আৱেগ
অনুৰাগ বিৰাগ,
বাটবোৰ এতিয়াও দীঘল হয়
সময়বোৰ সদায়েই চুটি হয়..


Post a Comment

Previous Post Next Post