নীলা পক্ষী জনী-যদুমণি গগৈ

©Admin
0
মন বননিৰ  পৰা
উৰি যায় প্ৰেমৰ পক্ষী
মুক্ত আকাশলে

তাই প্ৰিয় বিৰিখৰ ডালে ডালে
উৰি গৈ ভ্ৰমি ফুৰে দূৰ- দূৰণিত 

প্ৰেম বিহীন জীৱন মৰুভূমি ময়
প্ৰেমাকুল পক্ষীৰ নিস্তেজ মন
সস্তেজ কৰাৰ যাত্ৰা 

তাই বিছাৰি ফুৰিছে বনে -বিৰিখে
পাহাৰে -ভৈয়ামে প্ৰিয়া অ' প্ৰিয়া 

মই নীলা চৰাই 
নিলগৰ পৰা ডালত বহি
ৰ-লাগি চালে আনন্দত হিয়া নাচে

এক অবুজ আমেজত 
হৃদয়ত ডবা বাজে - - 

ওঁঠৰ উষ্ম চুমাৰ তৃপ্তি লভো
বিমল আনন্দত উৰি উৰি
শূণ্যতে এপাক নাচো।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)