ককা আৰু নাতি ল'ৰা-দীপিকা দাস সৰকাৰ

0
ককা আছিল ৰ'দত বহি
নাতিয়ে সুধিলে ওচৰত আহি
 কওঁ  শুন মনপুতি
ফলি পুথি থ সাঁমৰি।
ৰ'বা ৰ'বাচোন ককা
হ'লা কিয় ইমান বুঢ়া, 
কিয় ল'লা এনে ৰূপ
 দাড়ি চুলি পকা? 
মোলৈ চোৱা মূৰ তুলি
কিচ্ কিচিয়া ক'লা চুলি
দাঁত মোৰ কেনে সুন্দৰ
যেন  হীৰা মুকুতাৰ মণি। 
ক'ত গ'ল দাঁত তোমাৰ
হ'লা লাপুং বুঢ়া
চুলি বোৰত বগা ৰং
সানিলা ক'ৰ পৰা? 
গাৰ ছাল আঁক বাক
কেনেকৈ হ'ল ইমান দাগ, 
আমাৰ ক'তা তোমাৰ দৰে
দেখিলে বৰ আপচু লাগে। 
শুন হে'ৰ মইনা কণ
মোৰ হিয়াৰ বাছাধন
নিজকেনো আপচু কৰিবলৈ
কোনে বাৰু কৰে মন? 
বয়স হ'ল মোৰ আশী
বেলা হ'ল ভাটি
মোৰ সমান বয়স হ'লে
তয়ো নাযাবি বাছি। 
তোৰ দৰে কোমলমতীয়া
ময়ো আছিলো এদিন
তেতিয়া মই ভবা নাই
আহিব এনে দুৰ্দিন।
খাতি গাইৰ গাখীৰ 
গোঁৱৰ সাৰৰ পাঁচলি
উদৰ পুৰাই খাইছিলো
নাছিল একোৰে নাটনি। 
আমাৰ বয়স নৌপাওঁতেই
হ'বি লাপুং বুঢ়া
মেডিচিন দিয়া  মাছ-শাকে
শৰীৰ কৰিব ৰোগা।
এনেবোৰ দুঃচিন্তাত
মনটো গৈছে মৰি
পঞ্চাশৰ দেওনা গৰকিলে
মোৰ কথাৰ প্ৰমাণ পাবি। 
পিতৃ হৈ স্বচক্ষে দেখিছো
 বাপেৰ তাৰেই প্ৰমাণ
মোৰ ফালে চাই উমান ল
বাপেৰ কিমান শক্তিবান। 
বাৰীৰ ঢাপৰ কচু ঢেঁকীয়া
নিদিবি চুৱাপাতত স্থান
ফুলকবি বন্ধাকবি দূৰকৰি
সিবোৰক দিবি মান 
তেহে পাবি বলশক্তি
ৰোগৰ নাই স্থান। 
শুদ্ধ চিন্তা মনত লৈ
উজ্জ্বল ভাস্কৰ হ
মনৰ জাবৰ সাৰিপুছি
মহামানৱৰ পথ ল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)