তোমাৰ চকুযুৰিয়েই
মোৰ সপোন আছিল
চিনাকি হোৱাৰ দিনৰ পৰাই ।।
এটি-দুটিকৈ সপোনেও মালা গুঠিছিল
প্ৰেমে গজালি মেলা ক্ষণৰ পৰা
এটি-দুটি তৰাৰ সাধুকথা ।।
তোমাৰ অবিহনে কেতিয়াওতো
দেখাই নাছিলোঁ জোন ,বেলি ,তৰা
আৰু আকাশৰ নীলা ।
তোমাৰ মুখনিয়েই আঁকি দিলে
মধুৰ ক্ষণৰ মেলা
চিনাকি হোৱাৰ দিনৰ পৰাই ।।
যদিওবা আছিল অতীজৰ পৰা
ধৰাৰ বুকু গছ-বন লতাৰে ভৰা
চৌপাশে চালো মাথোঁ তুমি মৰম দিয়াৰে পৰা ।।
✍ হিৰকজ্যোতি বৰ্মন
Thanks
ReplyDelete