সদিচ্ছা ২.০-ডাঃ সুৰজিত গিৰি

©Admin
0
"সুৰজিত,ৰোগীয়ে ৰাতিপুৱা ৮ মান বজাত বিচনাখন মিলাই থাকোতে, এডাল মুগা ৰঙৰ সাপে বাওঁ হাতত দংশন কৰে।বৰ্তমান খোটা অংশটোত ৰঙৰ পৰিৱৰ্তন হৈছে(ক'লা পৰিছে)আৰু অলপ বিষ আছে।"ডিমৌ চিকিৎসালয়ত চিজাৰীয়ান অস্ত্ৰোপচাৰ এটা শেষ কৰি ৰোগীৰ টিকটটো লিখি থাকোতে ৰাতিপুৱা প্ৰায় ১১ মান বজাত ৰঙিয়াৰপৰা ডাঃ মিতুল দাসে উৎকণ্ঠাৰে ফোনতে কথাখিনি জানিবলৈ দিয়ে।

৩১ অক্টোবৰ,২০২১
স্বাস্তি হস্পিটেল
ৰঙিয়া

মনে মনে ভাবিলোঁ

ৰাতিপুৱা সময়,মুগা ৰং,গতিকে বিষাক্ত পিট ভাইপাৰ নহয়, ক্ৰেইট সাপো নহয়, কাৰণ ৰোগীৰ বিষ আছে।থাকিলগৈ চাকৰি ফেঁটী।মুগা বৰণ,খোটা অংশটোৰ ৰঙৰ পৰিৱৰ্তন, অলপ বিষ,গতিকে চকৰি ফেঁটী হোৱাৰ সম্ভাৱনীয়তা বেছি।

"মিতুল দা,সম্ভৱ চকৰি ফেঁটী, আপুনি কিছু সময় পৰ্যব্য‌ক্ষেণ কৰিলে গম পাব।ক'লা ৰং বঢ়া যেন দেখিলেই এন্টিভেনম দি দিব।মই আমাৰ ডিমৌ চিকিৎসালয়ৰ প্ৰট'কলবোৰ আপোনাক হোৱাটছ এপত পঠাই দিছোঁ।"

ডাঃ মিতুল দাস এজন সংজ্ঞাহাৰক বিশেষজ্ঞ(anaesthesiologist)।মোৰ দৰে তেওঁৰ কাম বিভিন্ন অস্ত্ৰোপচাৰত সুকলমে  এনেষ্ঠেছীয়া প্ৰয়োগ কৰি অস্ত্ৰোপচাৰৰ শেষত ৰোগীক নিৰাপদে ঘৰলৈ ঘূৰাই পঠোৱা।মাজে মাজে মিতুল দা আৰু মই সৰ্প দংশন ৰোগীৰ চিকিৎসাৰ কথাবোৰ ফোনা ফোনি কৰি আলোচনা কৰি থাকোঁ।তেওঁৰো বিষয়টোৰ ওপৰত ৰাপ আছিল।তেওঁ সুসংহত ভাবে সৰ্প দংশনৰ দৰৱ পাতিবোৰ যোগাৰ কৰি ৰাখিছিল।অৰ্থাৎ তেওঁ আৰু তেওঁৰ স্বাস্থ্যকৰ্মীসকল  সৰ্প দংশনৰ ৰোগীৰ চিকিৎসাৰ কাৰণে সদায় প্ৰস্তুত আছিল।

"সুৰজিত,ক'লা ৰংটো লাহে লাহে লাহে বাঢ়িছে।এন্টিভেনম বেজী কেইটা আৰম্ভ কৰিয়েই দিওঁ। "

ডাঃ মিতুল দাসে ৰোগীৰ আত্মীয়ক কথাখিনি বুজাই এন্টিভেনম বেজীৰ প্রয়োজনীয়তাৰ কথা কয়।

বৰ্ণালী দাস,২১ বছৰ
ঘগ্ৰাপাৰ,ৰঙিয়া

ৰূমটো আন্ধাৰ আছিল।ৰাতিপুৱা ৮ মান বজাত বিচনাখন জাপিবলৈ লওঁতেই বৰ্ণালীক বাওঁ হাতত কিবা এটাই দংশন কৰে।তাই ভয়তে কান্দি কান্দি বাহিৰলৈ ওলাই আহি মাক দেউতাকক খবৰ দিয়ে।ৰুমৰ ভিতৰত  ঘৰৰ মানুহে এডাল সাপ প্ৰত্যক্ষ কৰি তেওঁলোকে তৎক্ষণাত জৰা ফুকা আৰু বেজ আদিৰ খবৰ লয়।

সেই সময়তে সম্পৰ্কীয় শ্ৰী মান টিকেন দাসৰ আবিৰ্ভাৱ হয়।তেওঁ বৰ্ণালীৰ মাক দেউতাক আৰু ঘৰত গোট খোৱা ৰাইজৰ বেজ বেজালীৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ স্বস্তি হস্পিটেললৈ স্থানান্তৰিত কৰে।তেতিয়া লৈকে বৰ্ণালীৰ বিষাক্ত ফেঁটী সাপৰ মানুহ মাৰিব পৰা লক্ষণবোৰ ওলোৱা নাছিল।সকলো ঠিকেই আছিল।মাত্ৰ খোটা অংশত নামমাত্ৰ বিষ আৰু কলা পৰিছিল।যদি ফেঁটী সাপে ৰক্ত কেশীকাত বিহ নিদিয়ে, তেনেহলে আমি ফেঁটী সাপে দংশন কৰাৰ পাছত প্ৰায় ৪ ঘণ্টা সময় পাওঁ।

ডাঃ মিতুল দাসে লক্ষণবোৰৰ আকস্মিক পট পৰিৱৰ্তন দেখি এন্টিভেনম বেজীৰ দিহা দিয়ে।যিহেতু স্বস্তি হস্পিটেল এখন ব্যক্তিগত চিকিৎসালয়,বৰ্ণালীৰ অভিভাৱক সকলে খৰছ পাতিৰ কথাবোৰ ভাবি অলপ থেৰু গেৰু  কৰি আছিল।

তেওঁলোক আৰ্থিকভাবে বৰ স্বচ্ছল নাছিল।এটা এন্টিভেনম বেজীৰ দাম প্ৰায় ৪৭০ টকা। বিষাক্ত ফেঁটী সাপৰ দংশনত প্ৰথমে একেলগে ১০ টা আৰু প্ৰয়োজন সাপেক্ষে কেতিয়াবা সৰ্বমুঠ ২৫ টা এন্টিভেনম বেজীৰ প্ৰয়োজন হব পাৰে।প্ৰথম ১০ টা বেজীকেইটাত টেক্স ইত্যাদি মিলাই প্ৰায় ৫০০০ টকা লাগি যাব।২০ টা প্ৰয়োজন হলে প্ৰায় ১০০০০ টকা।লগতে আনুসংগিক দৰৱ আৰু খৰছবোৰ আছেই।এই বিভিন্ন কথাবোৰ  ভাবি থাকোতে, বৰ্ণালীক সাপডালে দংশন কৰাৰ প্ৰায় ৪ ঘণ্টা পাছত বিষাক্ত ফেঁটী সাপৰ ভয়ানক লক্ষণবোৰ যেনে উশাহ লবলৈ অসুবিধা হোৱা,উশাহ চুটি চুটি হোৱা,চকুৰ বাদু নামি যোৱা আদি লক্ষণবোৰ পৰিস্ফুট হব ধৰে।মিতুল দাস আৰু উপস্থিত স্বাস্থ্যকৰ্মী সকলে বাকী সকলো কথা পৰিহাৰ কৰি তৎক্ষণাত ১০টা এন্টিভেনম বেজী আৰু নিঅস্তিগমীন বেজী প্ৰয়োগ কৰে। হঠাৎ এটা আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

বেজী কেইটাই যাদুৰ দৰে কাম কৰিছিল।প্ৰথম লক্ষণতে এন্টিভেনম বেজী আৰু নিঅস্তিগমীন বেজী প্ৰয়োগ কৰাৰ কাৰণে, তৎক্ষণাত বৰ্ণালী সুস্থ হয়।আমি জানো যিমান ক্ষিপ্ৰতাৰে ফেঁটী সাপৰ বিহে ক্ৰিয়া কৰে,বেজী কেইটা প্ৰয়োগ কৰিলে, তাতোতকৈ ২০ গুণ গতিত লক্ষণবোৰ নাইকীয়া হয় আৰু সেয়াই হল।প্ৰায় ৪৫ মিনিটৰ ভিতৰত সৰ্বমুঠ ২০ টা এন্টিভেনম বেজী আৰু নিঅস্তিগমীন বেজী প্ৰয়োগ কৰাৰ পাছত আৰু স্বাস্থ্যকৰ্মী সকলৰ আপ্ৰাণ চেষ্টাত বৰ্ণালী সুস্থ হয়।খোটা অংশত কিছু ঘাঁ লাগিছে।সেইয়া স্বাভাৱিক।কেইদিনমানৰ পাছত সেয়াও ভাল হৈ যাব।

আমি আজি সুখী যে স্বাস্তি হস্পিটেল কৰ্তৃপক্ষও হস্পিটেল বিলৰ যথেষ্টখিনি ৰেহাই দি বৰ্ণালীৰ পৰিয়ালবৰ্গক আৰ্থিক ভাবে ভালেখিনি সহায় কৰিছিল।এই সুযোগতে বৰ্ণালীৰ পৰিয়ালবৰ্গৰ আকস্মিক বিপৰ্য্যয়ত সহায়ৰ হাত আগ বঢ়োৱাৰ কাৰণে হস্পিটেল কৰ্তৃপক্ষও অশেষ ধন্যবাদৰ পাত্ৰ।সৰ্প দংশন আৰু ইয়াৰ প্ৰচলিত অন্ধ বিশ্বাসবোৰ এটা সামাজিক ব্যাধি।ডাঃ মিতুল দাস বা স্বাস্তি হস্পিটেলৰ কৰ্তৃপক্ষৰ সদিচ্ছাবোৰে এই সামাজিক ব্যাধিবোৰৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱাত আমাক নিশ্চয় সহায় কৰিব।

সৰ্প দংশনৰ ৰোগী সকলক আৰ্থিক ভাবে কিছু ৰেহাই দিবলৈ এই সুযোগতে  অসমৰ সকলো ব্যক্তিগত চিকিৎসালয়বোৰৰ কৰ্তৃপক্ষক  বিনম্ৰ অনুৰোধ জনালো।কাৰণ সৰ্প দংশনৰ প্ৰায় ৯০% শতাংশ লোক আৰ্থিক ভাৱে দুৰ্বল থাকে।আপোনালোকৰ সদিচ্ছাই সমাজ আৰু ৰাইজক সৰ্প দংশনৰ পাছত হস্পিটেল মুখী কৰিব আৰু এই যুদ্ধত আমি একেলগে বহু আগুৱাই যাম।

আজি সমাজৰ প্ৰচলিত বিশ্বাসৰ মতে,বৰ্ণালীৰ অভিভাৱক সকলে জৰা ফুকা কৰা হেতেন, বৰ্ণালী দেৰিকৈ হস্পিটেল পালেহেঁতেন।তেতিয়া ফেঁটী সাপৰ বিহৰ লক্ষণৰ প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ  সলনি তৃতীয় পৰ্য্যায়ত বৰ্ণালী হস্পিটেল পালেহেঁতেন আৰু কোনো পধ্যেই তাইক বচাব পৰা নগল হেতেন।

সম্পৰ্কীয় শ্ৰী  মান টিকেন দাসে বৰ্ণালীক আজি নতুন জীৱন দান কৰিলে।এই সুযোগতে শ্ৰী মান টিকেন দাসক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।লগতে ডাঃ মিতুল দাস,স্বাস্তি হস্পিটেলৰ কৰ্তৃপক্ষ আৰু সহযোগী সকলো স্বাস্থ্য কৰ্মীসকলক তেওঁলোকৰ একান্ত সদিচ্ছাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

ফেঁটী সাপৰ দংশনত যে মানুহৰ মৃত্যু নহয়, আকৌ এবাৰ প্ৰমাণ হল।ধুবুৰীয়েই হওক বা শদিয়াই হওক,যদি আমি তৎক্ষণাত হস্পিটেলত ভৰ্তি হওঁ, যিমানেই বিষধৰ ফেঁটী সাপ নহওক কিয়, সম্পূৰ্ণ আৰোগ্য সম্ভৱ।

শ্ৰী মতী বৰ্ণালী দাসৰ ঘটনাৰ সাৰমৰ্ম:

১)ফেঁটী সাপৰ দংশনত কোনো মানুহৰ মৃত্যু নহয়।যদিহে ভুক্তভূগীজন তৎক্ষণাত হস্পিটেললৈ আহে।

২)ডাক্তৰ, স্বাস্থ্য কৰ্মী সকলো আগ বাঢ়ি আহিব লাগিব।সদিচ্ছা থাকিব লাগিব।আজি যদি ডাঃ মিতুল দাসে,মোৰ কাম অস্ত্ৰোপচাৰ কক্ষত হে,সৰ্প দংশন মোৰ বিষয় নহয় যদি ভাবিলে হেতেন,তেনেহলে বৰ্ণালীৰ মৃত্যু অনিবাৰ্য আছিল।আজি আমি সুখী লাহে অলপ অলপকৈ বিভিন্ন প্ৰান্তৰ স্বাস্থ্যকৰ্মীসকল আমাৰ  "অসমত সৰ্প দংশনত শূণ্য মৃত্যু" মিছনত যোগদান কৰিছে।

৩)আপোনালোকে নিজকে প্ৰশ্ন কৰক,
কালিলৈ মোৰ বা আপোনজনক বিষাক্ত ফেঁটী সাপে দংশন কৰিলে কি কৰিব?কলৈ যাব?যদি আপোনাৰ ওচৰত সঠিক উত্তৰ নাই, তেনেহলে ওচৰৰ চিকিৎসালয়খন উন্নত কৰাত অৰিহণা যোগাওঁক।

৪)ওচৰৰ চিকিৎসালয়লৈ যাওঁক।চিকিৎসালয়ৰ মূৰব্বীজনৰ লগত কথা পাতক।এন্টিভেনম আৰু আনুসংগিক দৰৱ পাতিৰ ব্যৱস্থা কৰক।

৫)একো একোজন টিকেন দাস হওঁক।আপোনাৰ ওচৰৰ ৰাইজ, সমাজক বুজাব চেষ্টা কৰক।অসমৰ বিষাক্ত সৰ্প দংশনৰ সম্পূৰ্ণ মেডিকেল চিকিৎসা আছে।জৰা ফুকা আদিয়ে ৰোগীৰ শৰীৰত সোমোৱা সাপৰ বিহ অকামিলা কৰিব নোৱাৰে বা বিহখিনি উলিয়াই আনিব নোৱাৰে।সাপৰ বিহৰ একমাত্ৰ চিকিৎসা এন্টিভেনম।এই এন্টিভেনমহে ৰোগীৰ তেজত মিহলি হৈ থকা সাপৰ বিহ বোৰ অকামিলা কৰিব।

বৰ্ণালী দাসৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।
ধ্যন্যবাদেৰে

ডাঃ সুৰজিত গিৰি
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
ICU বিশেষজ্ঞ
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)