ধূসৰ দুপালপিতা বৰষুণে হৃদয়খন ৰেপিছে
আশাৰ মাঠাউৰি ভাঙিল,
অথচ জিল মিল হেপাহ বোৰ আকৌ মেলা পাতিছে
, হৃদয়ৰ গোপন কোণত
দুচকুত আনন্দৰ জোৱাৰ
পিছে জোৱাৰ ভেটাৰ সাৰথত
এখনি টুলুঙ ভুতুঙ নাও
প্রচণ্ড ধূমূহাই ভাঙি নিলে
সপোনৰ মঠাউৰি
দুচকুৰে বৈ গ'ল আৱেগৰ চকুপানী
সোণবৰণীয়া সপোন বোৰ নিঠৰ হৈ ৰ'ল
তোমাৰ বহল বুকুত মূৰ গুজি শুৱাৰ স্মৃতিবোৰ আজিৰ পৃথিৱীত মূৰ দোৱালে
নিদিলা কিয় মাত?
✍️ৰঙিলী লইং
বোকাখাট ৰজাবাৰী ভকতচাপৰী