ঠুনুকা-ৰোহিত তাঁতী

©Admin
0
ওখ-আটিল, সুদৰ্শন এজন তৰুণ যুৱক, যাৰ দৈহিক উচ্চতা কোনো ভাৰতীয় স্থলসেনাৰ দৰে ছয়ফুট বা পাঁচফুট, তেওঁ প্ৰতি মঙ্গলবাৰে ব্যস্ত চহৰৰ চুকটোত বহা গান্ধীবজাৰখনলৈ আহে| যুৱকজন দেখাত কোনো আঢ্যৱন্ত ঘৰৰ ল'ৰাৰ দৰে যদিও সমাজৰ উচ্চশ্ৰেণীৰ  কিছুমান ধনী মানুহবিলাকৰ দৰে তেওঁ চুপাৰ ম'লত গৈ দুই-এপদ খৰচী বয়-বস্তু কিনাৰ সলনি পদপথত বহি থকা বেপাৰীবোৰৰ পৰাই নিজৰ লাগতীয়াল বস্তুবোৰ কিনে| হয়তো পদপথত বহি ভিন-ভিন পণ্য-দ্ৰব্য বিক্ৰী কৰি থকা বিক্ৰেতাসকলৰ সংগ্ৰামৰ লগত সহৱস্থান কৰা দুৰ্বিসহ জীৱন গাঁথা তেওঁ ভালদৰেই জানে| কিন্তু আচৰিত হ'বলগীয়া কথা এইটো যে, যুৱকজনে বিগত ছমাহ ধৰি একেজন ফল বেপাৰীৰ পৰা ফল-মূল ক্ৰয় কৰি আহিছে আৰু বেপাৰীজনৰ ওচৰতে পদপথত জীৰ্ণ-শীৰ্ণ অৱস্থাত, ছিগো ছিগো চিলাই থকা এখন বগা সাজ পিন্ধি, ফুল আৰু পূজাৰ সামগ্ৰী বিক্ৰী কৰি থকা বৃদ্ধা বিধৱা গৰাকীক এপলক চাই শেহত গুচি যায়গৈ| কেতিয়াবা কেতিয়াবা বিধৱাগৰাকীৰ চকুৰ লগত তেওঁৰ চকুৰ খুন্দা-খুন্দি হ'লে যুৱকজন প্ৰায় অপ্ৰস্তুত হৈ পৰে আৰু ততাতয়াকৈ তাৰ পৰা খৰ খোজেৰে আঁতৰি যায়| মানুহগৰাকীও তেতিয়া অবাক হয় যদিও সেইবোৰক লৈ তেওঁ মূৰ ঘমাই নাথাকে কাৰণ দিনটোৰ বেছিভাগ সময় বৃদ্ধা গৰাকী দহবছৰ আগতে নিখোজ হোৱা নিজৰ পুতেকৰ চিন্তাতে ডুব গৈ বহি থাকে|

         এনেদৰে প্ৰতি মঙ্গলবাৰে এই একেখিনিৰে পুনৰাবৃত্তি ঘটে|
       
        ভদ্ৰ যুৱকজনৰ এই সকলোবোৰ কাৰ্য্য ফল বেপাৰীজনে বহুদিনৰ পৰা সন্তৰ্পণে লক্ষ্য কৰি আহিছে, যদিও একো নুসুধে| হয়তো সংকোচ কৰে নাইবা সম্ভ্ৰান্ত ঘৰৰ মানুহ বুলি ভাৱিয়ে তেনেই ব্যক্তিগত কথা এটা সুধিবলৈ বেপাৰীজনে সাহ নকৰে| কিজানিবা সকলোৰে আগত তেওঁক অপদস্ত কৰি যুৱকজনে কৈ দিয়ে--"Mind your own business!" ইয়াৰোপৰি ফল বেপাৰীজনৰ মনত অইন এটা দুঃশংকা আছেই, যদি কিবা প্ৰকাৰে তেওঁৰ কথাই যুৱকজনক অসন্তুষ্ট কৰে, তেনেহ'লে ভাল গ্ৰাহক এজন তেওঁ হেৰুৱাই দিব| সেইবাবে অতদিন ধৰি নীৰৱে সকলো লক্ষ্য কৰি থাকিলেও কোনোকালে ফলৰ বেপাৰীজনে যুৱকজনক একো সোধা নাই|  কেৱল ক্ৰেতা-বিক্ৰেতাৰ ক্ষুদ্ৰ সম্পৰ্কটো চলাই নিছে|
       
         প্ৰতি মঙ্গলবাৰৰ দৰে সিদিনাখনো এটা উজ্বল মঙ্গলবাৰৰ ৰাতিপুৱা যুৱকজন ফলৰ ঠেলাটোলৈ আহিল আৰু বাছি বাছি ফল দুটামান কিনিলে| সুমথিৰা, আপেল আৰু কল| বেপাৰীজনৰ পৰা ফলৰ টোপোলাটো লৈ তেওঁ পাঁচশ টকীয়া নোট এখন উলিয়াই বেপাৰীজনলৈ আগবঢ়াই দিলে আৰু প্ৰতিবাৰৰ দৰে নিশকতীয়া বুঢ়ী বাঁৰী গৰাকীক ভাৱলেশহীনভাৱে একমুহূৰ্ত ৰৈ চালে| বেপাৰীজনে কথাটো সাৱধানে লক্ষ্য কৰি আছিল| হাতত ফলৰ টোপোলা ধৰি পাষাণ-প্ৰতীমাৰ দৰে থিয় হৈ থকা সেই যুৱকজনে দেখিলে যে, বিধৱা বুঢ়ী গৰাকীয়ে সোঁতোৰা পৰা তেওঁৰ দুৰ্বল হাতেৰে মন্দিৰত নিৰ্মালি দিবৰ বাবে ফুল কিনিবলৈ অহা মহিলা ক্ৰেতা এগৰাকীক এপাহ বুকাৰ পদুম, তগৰ-নাৰ্জী আৰু সৰু সৰু কেইপাহমান সুগন্ধি বগা ফুল কলপাতত মেৰিয়াই বিক্ৰি কৰি আছিল| 
       
          "আগতে এইখিনিতে তেওঁৰ গিৰিয়েকে দা-কটাৰী-চুৰি আদি বিক্ৰি কৰি উপাৰ্জন কৰিছিল| দহবছৰ আগৰ কথা এইটো| বৰ পানীৰাম আছিল গিৰিয়েকজন| ৰাতি টেঁটুলৈকে গিলি লৈ ঘৰত ঘৈণীয়েকক অত্যাচাৰ কৰিছিল| কিন্তু মানুহজন ঢুকুৱাৰ পিছত অকলশৰীয়া মানুহ গৰাকী ইয়াতে ফুল বিকি কষ্টৰে যি কেইটা টকা পায়, সেইকেইটা টকাৰে দিনৰ দুবেলা দুমুঠি ভাতৰ ব্যৱস্থা কৰে, বেচেৰীজনীয়ে!"
      
          নজনা কথা এটা যুৱকজনক অৱগত কৰোৱাৰ ভংগীত বেপাৰীজনে কণ্ঠস্থ সংলাপৰ দৰে কথাবোৰ কলকলাই ক'লে| 
        
         ফল বেপাৰীজনৰ কথাবোৰ শুনি, বিধৱা বুঢ়ী গৰাকীৰ মুখলৈ চাই ৰ' লাগি যোৱা চকুযোৰ ঘূৰাই আনি যুৱকজনে তেওঁলৈ কোনো উতসাহ প্ৰকাশ নকৰি এনেদৰে চালে যে, বেপাৰীজনে কোৱা কথাবোৰ তেওঁ বহুত আগৰ পৰাই জানে| হয়তোবা বেপাৰীজনতকৈ কিছু বেছিহে জানে| তথাপি তেওঁ সুধিলে-
      
          "আৰু কি কি জানা?"
      
          যুৱকজনৰ এই প্ৰশ্নটো শুনি উতসাহেৰে বেপাৰীজনৰ মুখখন জ্বলমলাই উঠিছিল| যদিও দুঃখ প্ৰকাশ কৰাৰ দৰে তেওঁ ক'লে--"তেওঁ গিৰিয়েৰক কুলাংগাৰ পুতেৰাই দাৰে ঘপিয়াই মাৰিছিল|"
       
          কুলাংগাৰ পুতেৰাই মাৰিছিল!-কথাটো যুৱকজনে মনে মনে আওৰালে| 
       
         "কিয় মাৰিছিল?" শান্ত অথচ গম্ভীৰ কণ্ঠেৰে যুৱকজনে প্ৰশ্ন কৰিলে|
        
         "সেইটো আজিলৈকে কোনেও নাজানে| বাপেৰক কাটি সিও কৰবাত নিখোজ হৈ গ'ল|"
         
          বেপাৰীজনৰ এই দ্ব্যৰ্থহীন উত্তৰটো শুনি যুৱকজনৰ মুখত স্মিত বেঁকা হাঁহি এটা বিৰিঙি উঠিল| সেই হাঁহিটোৰ আঁৰত কিবা এটা যেন প্ৰহেলিকা লুকাই আছিল, কিবা গভীৰ তিক্ত অনুভৱ এটা দেখ-নেদেখকৈ প্ৰকাশ পাই আছিল| দেখিলেই গ্ৰাহকৰ মুখৰ ভাৱ পঢ়িব জনা বেপাৰীজনে যুৱকজনৰ মুখলৈ চাই সেই প্ৰকাশটি বুজিবলৈ হেজাৰ চেষ্টা কৰিও বিফল হ'ল| যুৱকজনে আকৌ এবাৰ বিধৱা গৰাকীৰ মুখলৈ চালে| ফল বেপাৰীজনে এইবাৰ ৰ'ব নোৱাৰি, ছমাহৰ মূৰত অৱশেষত অতদিন ধৰি পেটত সাঁচি ৰখা কথাটো যুৱকজনক সুধিয়ে পেলালে--
        
           "মই প্ৰায়ে দেখোঁ, আপুনি যেতিয়া ফল কিনিবলৈ আহে, সেই বিধৱাগৰাকীক খুউব মনোযোগেৰে চায় আৰু শেহত অহা বাটে উভতি যায়গৈ| অথচ কোনো দিনে তেওঁৰ লগত কথাও নাপাতে, নাইবা ফুলো নিকিনে| তেনেকুৱা কিয়(?) বাৰু, বুজিব নোৱাৰোঁ!"
      
          যুৱকজনে লগে লগে তেওঁৰ ফালে মুখ কৰি ঘূৰিল| কলা চশমাৰ আঁৰৰ পৰা দৃঢ়তাৰে তেওঁ বেপাৰীজনক এবাৰ চাই থৈ, কোনোধৰণৰ উত্তৰ নিদিয়াকৈ কোবাকুবিকৈ তাৰ পৰা যাবলৈ ধৰিলে|
        
         বেপাৰীজন এখন্তেক তভক লাগি ৰ'ল| 
       
         চেহ্!..অসন্তুষ্ট কৰি পেলালোঁ নেকি? আৰু কেতিয়াও ফল কিনিবলৈ আহিবনে তেওঁ?-বেপাৰীজনে আক্ষেপ কৰি নিজকে নিজে ক'লে| 
         
          কিন্তু হঠাতে নিজৰ হাতত লৈ থকা পইচাটোত চকু পৰিলত তেওঁৰ যেন মনত পৰিল, যুৱকজন ফল কিনাৰ পিছত ঘূৰাই পোৱা তেওঁৰ টকাকেইটা নোলোৱাকৈয়ে গুচি গৈছে| সৌৱা, তেওঁ ভিৰৰ মাজেৰে গৈ আছে! বেপাৰীজনে সজোৰে চিঞৰিলে-
        
           "হেৰৌ!..হেৰৌ ডেকা ল'ৰা!আপোনাৰ পইচা.."
       
         বেপাৰীজনৰ চিঞৰ শুনিও, সেই চিঞৰক আওকাণ কৰি প্ৰায় খৰ খোজেৰে যুৱকজন গুচি গৈছিল| যদিও তেওঁৰ কাষেৰে পাৰ হৈ গৈ থকা বয়সস্থ মানুহ এজনে তেওঁক পিঠিত চপৰিয়াই ৰখোৱাত পিছফালে ঘূৰি চালে| 
       
           মানুহজনে ক'লে-"বাবা, তোক সেই ফল বেপাৰীজনে চিঞৰি মাতি আছে, শুনা নাই নে? নিজৰ ঘূৰাই পোৱা পইচাকেইটা নোলোৱাকৈ গৈছা যে, অঁকৰাটো!"
        
         শেহৰ সম্বোধনটো তেওঁ মৰমতে ক'লে| মানুহজনৰ সেই মৰম সনা কথা পেলাব নোৱাৰি ধন্যবাদ জনাই যুৱকজন বাধ্যত বেপাৰীজনৰ ওচৰলৈ গ'ল| আৰু ঘূৰাই পাবলগীয়া পইচাকেইটা লৈ খৰধৰকৈ জেপত ভৰালে|
        
          "এনেকৈ ঘূৰাই পাবলগীয়া পইচাকেইটা নোলোৱাকৈ কোনোবাই যায় নেকি, হোঁ?"
        
          এইবাৰো যুৱকজনে একো নক'লে| 
       
         তলমূৰকৈ যিমান বেগেৰে সম্ভৱ সিমান বেগেৰে সেইখিনি ঠাই এৰি তেওঁ যাবলৈ লৰালৰি কৰোঁতেই, ফলৰ মোনাটো ঠেলাৰ বাহিৰৰ ফালে ওলাই থকা খিলিটোত লাগি ফাটি থাকিল| যাৰ বাবে ফলবোৰ এটা-দুটাকৈ ফটা মোনাৰ পৰা সৰকি য'ত-ত'ত সিঁচৰিত হৈ পৰিল| 
        
          আস্!কি যে বিপদ!..মুখৰ ভিতৰতে যুৱকজনে ভোৰভুৰালে|
         
          তেওঁ ফলবোৰ বুটলিবলৈ হাত মেলিলে, যদিও দুটা ৰসাল সুমথিৰা ৰাজপথলৈ বাগৰি গৈছিল, যিবোৰ অহৰহ অহা-যোৱা কৰি থকা যান-বাহনৰ চকাৰ তললৈ আহি নষ্ট হৈ গ'ল আৰু দুটামান সুমথিৰা আৰু এটা আপেল বলৰ দৰে জঁপিয়াই বাঁৰী বুঢ়ী গৰাকীৰ ফুলৰ খৰাহীতে গৈ পৰিল| নিজৰ নিখোজ পুতেকৰ চিন্তাত আনমনা হৈ থকা বৃদ্ধাগৰাকীয়ে তেওঁৰ অন্যমনস্কতা ভঙ্গ হোৱাত তুৰন্তে খৰাহীৰ ফুলৰ ওপৰত পৰা সুমথিৰা আৰু ৰঙা আপেলটো এবাৰ চালে, তাৰপিছত সেই ফলদুটা বুটলিবলৈ হাত মেলিও তেওঁৰ সন্মুখত এক প্ৰকাৰৰ সংকোচ আৰু দ্বিধাৰ বাবে থমকি ৰৈ যোৱা যুৱকজনৰ সুদৰ্শন মুখলৈ চালে| মানুহগৰাকীয়ে তেওঁৰ জেউতী হেৰুৱা বৃদ্ধ চকুৰে একমুহূৰ্ত তেনেদৰেই যুৱকজনক চাই থাকিল--দাঁড়ি-গোঁফ নথকা চিকুণ মুখ| গাৰ সাজ-পোছাক দেখি মানুহগৰাকীৰ এনে লাগিল, যুৱকজন কোনো সম্ভ্ৰান্ত ঘৰৰ ল'ৰা যদিও মুখত এনেকুৱা এটা চিনাকি আভা আছে, যিধৰণৰ আভা দহবছৰ আগতে নিখোজ হোৱা তেওঁৰ পুতেকৰ আছিল| একপলৰ বাবে মানুহ গৰাকীৰ এনে অনুভৱ হ'ল যেন সমুখত হাত মেলি ৰৈ থকা যুৱকজন তেওঁৰে পো| তেওঁৰে তেজ| কাৰণ, যুৱকজনক কাষৰ পৰা দেখি বৃদ্ধা গৰাকীৰ অন্তৰত হেৰাই যোৱা মাতৃত্বৰ অনুভূতি তীব্ৰতৰ হৈ উঠিছিল| হয়তো চশমাযোৰ নিপিন্ধা হ'লে তেওঁ ঠাৱৰ কৰিব পাৰিলেহেঁতেন, যুৱকজন দহবছৰ আগতে নিখোজ হোৱা তেওঁৰ পুত্র হয় নে নহয়| কিন্তু তেওঁ ঠাৱৰ কৰিব নোৱাৰিলে| তথাপি কলা চশমাৰ আঁৰত গোপন হৈ থকা যুৱকজনৰ চকুহালি তেওঁ মনোযোগেৰে চাই ৰৈছিল|
        
            অৱশেষত, খৰাহীৰ পৰা ফলকেইটা তুলি তেওঁ যুৱকজনৰ হাতলৈ নিৰ্বিকাৰ মুখেৰে আগবঢ়াই দিলে|  কোমল সেমেকা হাঁহি এটা মাৰি আলফুলকৈ যুৱকজনে ফলবোৰ ল'লে আৰু ক্ষণিক সময় বৃদ্ধা গৰাকীৰ মুখলৈ চাই যাবলৈ থিয় হ'ল| মানুহগৰাকীয়ে তেতিয়াও যুৱকজনৰ মাজত নিজৰ পুতেকৰ সাদৃশ্য বিচাৰি খেপিয়াই আছিল| তেওঁৰ পুতেক যদি আজি থকাহেঁতেন, দেখাত হুবহু যুৱকজনৰ দৰেই ওখ-পাখ, সুদৰ্শন ডেকা হ'লহেঁতেন|  হুমনিয়াহ এটা কাঢ়ি মানুহগৰাকীয়ে সেপ ঢোকিলে|
       
           "ধন্যবাদ!"
         
           এইবুলি কৈ যুৱকজন যাবলৈ ওলাল| তেওঁ দুখোজ আগবাঢ়িছিলহে, কিন্তু তেনে সময়তে শকত-আবত বাটৰুৱা এজনৰ খুন্দাত তেওঁৰ চকুৰ পৰা কলা চশমাযোৰ মাটিত খহি পৰিল--চশমা নহয় যেন চকুৰ ৰহস্যত দীৰ্ঘদিন ধৰি বান্ধি ৰখা এপটী কাপোৰহে খহি পৰিল|
         
           অদূৰৰ পৰা ফল বেপাৰীজনে সকলো চাই আছিল| তেওঁ দেখিলে যে, যুৱকজনৰ মুকলি চকুহালি দেখি বৃদ্ধা গৰাকীৰ চকুদুটা বহলকৈ মেল খাই গৈছে| একেসময়তে বিধৱা মানুহগৰাকীও দেখিলে, যুৱকজনৰ সোঁ-চকুৰ ঠিক তলতে এটা ঘা আছে| হয়তো বহু বছৰ পুৰণি ঘা| তথাপি দাগটো স্পষ্ট| সেই দাগটো দেখাত এনে লাগে যেন কোনোবাই সৰুতে সেই ঠাইখিনিত দ'কৈ ধাৰাল ছুৰিৰে ৰেপি দিছিল| সোঁ-চকুৰ সেই ঘাৰ দাগটোৱে বুঢ়ী গৰাকীক সুদূৰ দহবছৰ অতীতলৈ টানি লৈ গ'ল|
        
          এটা আন্ধাৰ কোঠা, য'ত ধিমিক-ধামাককৈ চাকি এগছী জ্বলি আছে| নিশা চুলাই ভাটিৰ পৰা মদ খাই থৰক-বৰক খোজেৰে গিৰিয়েক ঘৰ আহি সোমাইছেহি আৰু নানা ধৰণৰ কথাৰে ঘৈণীয়েকক প্ৰথমে ককৰ্থনা কৰিলে আৰু তাৰপিছত গতিয়া-গতি আৰম্ভ| বুকুত গিৰিয়েকৰ প্ৰচণ্ড গোৰ এটা খাই যন্ত্রণাত কান্দি কান্দি মহিলাগৰাকী ঢলি পৰিছে আৰু তেওঁৰ ওপৰত দয়ামায়া নুবুজা দানৱৰ দৰে জঁপিয়াই পৰিছে উন্মাদ, মদপী গিৰিয়েকজন| এইসকলোবোৰ দৃশ্য পোন্ধৰ বছৰীয়া ল'ৰা এটাই ভয়ে ভয়ে আঁতৰত থিয় হৈ চাই আছে| তেনেতে ঘটনাটো ঘটি গ'ল| গিৰিয়েকে পত্নীৰ ডিঙি চেপি ধৰিছে| কোনো মুহূৰ্তত মানুজনে তেওঁক মাৰি পেলাব পাৰে| ভয়ত কঁপি থকা ল'ৰাটো দৌৰি আহি মাকক বচাবলৈ চেষ্টা কৰিছে| কিন্তু তেতিয়াই হাত মেলোতেই পোৱা ধাৰাল ছুৰীখন লৈ পিতাকে ডিঙি ৰেপিব লওঁতে, মদৰ নিচাত ভুলতে সোঁ চকুৰ তলত দ'কৈ ৰেপি পালে| ল'ৰাজন কথমপি ৰক্ষা পৰিল কিন্তু তেজেৰে তাৰ মুখ ৰঙা হৈ পৰিছে| যন্ত্রণাত সি চিঞৰি উঠিল| কিন্তু মাকক বচাবলৈ উপায় নাপাই পিতাকে বজাৰত বিক্ৰি কৰা হাতিয়াৰবোৰৰ মাজৰ পৰা দা এখন আনি শূন্যত দাঙি ধৰিলে| সৰুতে দুৰ্গা পূজাত মহ বলি দিয়া সি দেখিছে| বলি দিয়া মহটোৰ দৰেই সি একে উশাহতে দেউতাকৰ ডিঙি কাটি পেলালে| মাক ৰক্ষা পৰিল| কিবা ডাঙৰ ভুল কৰা বুলি ল'ৰাটোৱে উপলব্ধি কৰি পিছমুহূৰ্তত ঘৰৰ পৰা লৰি ওলাই গ'ল| তেতিয়াৰে পৰা সি আৰু ঘৰলৈ নোভতিল| দুবছৰ পাৰ হৈ গ'ল| মাকৰ বুকু উদং হৈ পৰিল| পুলিচে তাক নিখোজ বুলি ধৰি লৈ তদন্ত সামৰিলে| কিন্তু মাকে নিজৰ সন্তানৰ সন্ধান সামৰা নাছিল| প্ৰায় তিনিবছৰৰ মূৰত মাকে নিজৰ পুতেকক এজন আঢ্যবন্ত ভদ্ৰ মানুহৰ হাত ধৰি বজাৰ এখনত ফল কিনি থকা দেখা পালে| ভিৰৰ আঁৰৰ পৰা পুতেকেও মাকক দেখিছিল| তাৰ চকুত মাকৰ বাবে পুতৌ ভাৱ জিলিকি আছিল| আউলি বাউলি হৈ মাকে ভিৰ ফালি পুতেকৰ ফালে দৌৰি গৈছিল| কিন্তু পুতেকৰ ওচৰ পোৱাৰ আগতে সি পুনৰ নিখোজ হৈ গৈছিল| হেৰাই গৈছিল ভিৰৰ মাজত| তেতিয়াৰে পৰা সেইখন বজাৰত ফুল বিক্ৰি কৰি কৰি পুতেকৰ অপেক্ষা মানুহগৰাকী ৰৈ আছে...ৰৈ আছে...|
       
          মাটিত খহি পৰা চশমাযোৰ তুলিবলৈ হাত মেলি যুৱকজন হাউলি গ'ল| কিন্তু সেই মুহূৰ্ততে, বিধৱা বুঢ়ীগৰাকীয়ে আটাহ পাৰি তেওঁৰ ফালে দৌৰি আহিল আৰু তেওঁৰ হাতটো থাপ মাৰি ধৰিলে| যুৱকজন আতংকিত হৈ উঠিল| ফল বেপাৰীজনেও তেওঁৰ মুখত স্পষ্ট হৈ উঠা সেই আতংক লক্ষ্য কৰিলে|
    
          "সঞ্জীৱ!..মোৰ সঞ্জীৱ!..মোৰ বোপাই!.."
        
           মানুহগৰাকী পাগলীৰ দৰে যুৱকজনৰ মুখলৈ চাই ক'বলৈ ধৰিলে| কৰ্কশ হাত এখনেৰে চকুৰ তলৰ ঘাঁটো মৰমেৰে চুই চালে| যুৱকজন মানুহগৰাকীৰ এই ব্যৱহাৰত ইতঃস্তত আৰু অপ্ৰস্তুত হোৱা দেখা গ'ল| তাত কৌতুহলী মানুহৰ ভিৰ জমা হ'বলৈ ধৰিলে| জমা হোৱা মানুহৰ চকুবোৰ যুৱকজন আৰু বিধৱা বুঢ়ীগৰাকীৰ ওপৰত থূপ খালেহি| মানুহৰ গুণগুণনি ভাহি আহিল|
       
           "তই ক'ত আছিলি, মোৰ বোপা? ক'ত আছিলি?"
      
          যুৱকজন শিলীভূত হৈ তলমূৰ কৰি নীৰৱ হৈ থাকিল| ফল বেপাৰীজনে দেখিলে, ছমাহ ধৰি একমাত্র তেওঁৰ পৰাই ফল কিনাৰ অজুহাতেৰে মানুহগৰাকীলৈ এখন্তেক চাই অহা বাটে গহীন খোজৰে উভতি যোৱা তেওঁৰ দীৰ্ঘদিনীয়া তৰুণ গ্ৰাহকজনৰ চকুৰ একোণত চকুপানী গোট খাইছিলহি| আশ্বৰ্যত ফল বেপাৰীজন ফাটি পৰিছিল|
        
          "বোপাই..মোৰ বোপাই, কেনে আছ তই?"
       
          "আপুনি কাৰ কথা কৈছে?--মই আপোনাক চিনিও নাপাওঁ| আপুনি যাক বিচাৰিছে সেইজন মই নহওঁ|"
       
          যুৱকজনে তেওঁৰ মুখলৈ নোচোৱাকৈয়ে ক'লে|
        
         "কি বকিছ তই এইবোৰ,...তই মোৰ পো!" মানুহগৰাকীৰ কণ্ঠত কাতৰতা ফুটি উঠিল|--"তই মোৰ তেজ বোপা! মোক অকলে এৰি থৈ ক'ত গুচি গৈছিলি তই? সকলোৱে তোক নিখোজ হ'ল বুলি কৈছিল মোৰ সোণ| কিন্তু মই জানিছিলোঁ, তই আহিবি বুলি|"
      
         মানুহগৰাকী উচুপি উচুপি কৈ আছিল| কিন্তু সেই উচুপনিক অৱজ্ঞা কৰিবলৈ ব্যৰ্থ চেষ্টা কৰি যুৱকজন মূক হৈ ৰৈছিল| 
       
         "তই একো নকৱ কেলৈ?"
         
         এইবাৰ যুৱকজনৰ মুখ দৃঢ় হোৱা দেখা গ'ল| তেওঁ শৰীৰৰ সমস্ত শক্তিৰে বিধৱা গৰাকীয়ে থাপ মাৰি ধৰি থকা হাতখন এচাৰ মাৰি এৰুৱাই ল'লে আৰু মানুহগৰাকীৰ বয়স সংকুচিত মমতাময়ী মুখখন এবাৰ চাই ভিৰ ফালি তেওঁ দৌৰি পলাবলৈ ধৰিলে|
         
         "স-ন-জী-ৱ!"
       
         মানুহগৰাকীয়ে কাতৰ কণ্ঠে চিঞৰিলে আৰু তেওঁৰ পিছে পিছে দৌৰিবলৈ ধৰিলে|
        
         ভিৰত জমা হোৱা মানুহজাক হতবাক হৈ পৰিছিল| প্ৰকৃততে কি হৈছে তেওঁলোকে বুজিব পৰা নাছিল| মাত্র অনুমান কৰি জুকিয়াই পোৱা কথাৰে হকে-বিহকে গুণগুণনিৰ জোঁৱাৰ তুলিছিল| সেই গুণগুণনিত এগৰাকী পুত্রহীনা বিধৱা বুঢ়ীৰ, এগৰাকী মাতৃৰ ভগা অন্তৰৰ কৰণ ক্ৰন্দনৰ ধ্বনি একাকাৰ হৈ পৰিছিল| 
       
          "এই নিদাৰুণ শাস্তি কিয় বোপাই, কিয়??..মাক-পুতেকৰ সম্পৰ্ক ইমান ঠুনুকা হ'ব পাৰেনে?বোপাই ঐ...ৰৈ যা বোপা..ৰৈ যা!"
        
          এবাৰৰ বাবেও পিছফালে উলটি নোচোৱাকৈ যুৱকজন তলমূৰকৈ মাঁথো দৌৰি থাকিল|

                                -সমাপ্ত-

✍️ৰোহিত তাঁতী
নাহৰকটীয়া, লেঙ্গেৰীজান|
জিলা-ডিব্ৰুগড়(অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)