এবাৰেই দেখিছিলো তেওঁক
বহুবাৰ দেখাৰ দৰে ,
দুচকুত অনন্ত বিশালতা ...
বকুল কোমল ওঁঠজুৰিত
শীতৰ নিঁয়ৰৰ দৰে বিৰিঙিছিল
বিন্দু বিন্দু মহাসাগৰীয় ঢৌ
মেঘবৰণ আকাশখনে
ভৰ বাৰিষাৰ নৃত্যৰত নদীখনৰ দৰে
চঞ্চল হৈ উঠিছিল ...
অকপটে হৃদয়খন পাতি দিছিল
সৰল গছৰ লিহিৰিপতীয়া
সেউজ লানিৰ উশাহত ...
অন্তৰদৃষ্টিৰ খোপনিৰে
শামুকীয়া খোজত খোজ থৈ
চিত্ৰায়িত কৰিছিল
মাটি আৰু মানুহৰ
স্বৰ্ণাভ উদ্যান ...
এবাৰেই দেখিছিলো তেওঁক
বহুবাৰ দেখাৰ দৰে ...
স্বদেশ স্বকাল
শব্দ লয়ৰ সুবাস ,
আত্মজ কবি তেওঁ
শইচ-সোণোৱালী ভৱিষ্যৎ ।
✍️অৰ্পনা শইকীয়া দাস ।
বৰগাং , বিশ্বনাথ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ