লোক সংস্কৃতিত অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ বাঁহী-চিন্ময় ডেকা

লোক সংস্কৃতি আমাৰ অসমীয়াৰ বাবে প্ৰাণৰ , আবেগৰ। বাঁহী অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ। ইয়াৰ আবেগিক সম্পৰ্ক প্ৰতিজন অসমীয়াই জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। লোক সংস্কৃতিত বাঁহী এটি অমূল্য সম্পদ। ইয়াৰ বুকুত লুকাই আছে প্ৰাণৰ স্পন্দন , অসমীয়াৰ জীৱন বুৰঞ্জী আৰু সমাজৰ প্ৰতিচ্ছবি। লগতে পেঁপাৰ মাত শুনিলে এতিয়াও অসমীয়াৰ গা ৰাই-জাই কৰে। বিহুগীতৰ বাঁহী সুৰৰ ঝংকাৰত মন মতলীয়া কৰি তোলে। বাঁহীক অসমত মুৰুলী, বংশী, বেণু, বাঁশী আদি বহু নামেৰে জনা যায়। বাঁহী বিহুৰ এক উল্লেখযোগ্য দেৱ বাদ্য। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পৱিত্ৰ। বাঁহীক প্ৰাক্ শংকৰী যুগত দেৱ বাদ্যৰ লগত তুলনা কৰি এক জনজাগৰণৰ সূচনা কৰিছিল। উল্লেখ্য ভাৱে, বৈষ্ণৱ সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে। বাঁহী মূলতঃ বৈষ্ণৱ সংগীতৰ অংগ হ'লেও আন বহুতো অসমীয়া লোক সংগীতত বাঁহী ব্যৱহাৰ হয়। বিহু গীতৰ সৈতেও বাঁহী বজোৱা হয়। বাঁহী এক উল্লেখযোগ্য বাদ্য। বাঁহীৰ উৎপত্তি চীন দেশত বুলি ঠাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন আৰু প্ৰাচীনতম।
কৃষ্ণ গোসাঁই কলিয়া,
বাঁহীৰ লগত বলিয়া........
কৃষ্ণ নহয় পৰমেশ্বৰ । 
কিন্তু তেওঁ বাঁহীৰ লগত বলিয়া। তেওঁৰ বাঁহীৰ সুললিত সুৰৰ ধ্বনিত গছ-লতা সাৰ পাই উঠে ! গোপিনী আনন্দিত মচগুল হৈ পৰে। সেই সুৰত যাদু আছে। বাঁহীত হাতৰ আঙুলি বুলাই সেই সুৰৰ ঝংকাৰত কলীয়া কানাইয়ে সপোন ৰচে।

 অসমত বসবাস কৰা সকলো সম্প্ৰদায়ে পাৰ্যমানে বাঁহীক বাদ্য হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। বিশেষকৈ বড়ো,ৰাভা,মিচিং, দেউৰী,কোচ,কছাৰী আদি সকলো জনগোষ্ঠীৰ সংগীতত বাঁহীৰ ব্যৱহাৰ কৰে যদিও নিৰ্মাণ প্ৰণালী তথা ব্যৱহাৰৰ ক্ষেত্রত কিছু বৈসাদৃশ্য আছে। বাঁহী অসমৰ বৰগীত,বিহুগীত, লোকগীত,কামৰূপীয়া লোকগীত আদিৰ উপৰিও ভাওনা বা ৰাসত বাঁহীৰ প্ৰয়োগ অপৰিহাৰ্য্য। জাতি-জনগোষ্ঠী ভেদে ইয়াৰ নাম বোৰ ক্ৰমাত ভিন্ন ধৰণৰ হয়। যেনেদৰে বড়োসকলে বাঁহীক চিফুং বোলে। চিফুঙৰ মাত মধুৰ আৰু শুৱলা, মিচিং সকলে বাঁহীক কুৰুলি পুলি, আৰু তিৱা সকলে বাঁহীক দুবিধ-পাংছি আৰু থুৰাং বুলি ঠাই বিশেষে নিজস্ব নামেৰে নামকৰণ কৰে। সেয়ে লোক সংস্কৃতিত বাঁহীৰ অৱদান অতিকে অনবদ্য। ইয়াক ব্যৱহাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে যুৱপ্ৰজন্ম‌ৰ মাজত প্ৰচলন কৰাটো সকলোৰে প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য।

✍️চিন্ময় ডেকা,টংলা

Post a Comment

Previous Post Next Post