আছিল তজবজীয়া এটি সুঠাম দেহাত
গুলীবিদ্ধ বুকু
তেজৰ টগ্ বগা ঢৌত
মানৱতা হৈছিল ভূ-পতিত
তেজ আজিও ৰঙা
সুঠাম দেহৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে
বৈ আছিল সেই একেদৰেই ;
কিন্তু পৈশাচিক আবদাৰত
হঠাৎ ছিটিকি পৰি ৰাজপথ কৰিলে তেজেৰে আৰ্দ্ৰ ।
আৰু আমিবোৰ-------!!
অভি-নীল , অথবা লাফি-অনিমেষ
আখলাক অথবা গৌৰী লংকেশ্ব ,
কি কম , ক'বলৈ আছেইবা কি ?
য'ত মৃতকৰ ওপৰতো চলে আসুৰিক নৃত্য
আমি যে নীৰৱ দৰ্শক
প্ৰশ্ন হয়----
সিহঁত জানো মানুহ আছিল !!
হয়তো বা
সিহঁতৰ কোনোবা আছিল প্ৰতীক "সেউজীয়া" ৰ , কোনোবা প্ৰতীক "গেৰুৱা" ৰ
কাৰণ---ইয়াত চলে অসমীয়া নতুবা ভাৰতীয়গিৰিহে
মনুষ্যত্ব , মানৱতাগিৰি আমি যে বন্ধকত থ'লো কেতিয়াবাই
সেয়েহে---
আমি এতিয়া সম্প্ৰীতিৰ একো একোজন
মুখা পিন্ধা ভদ্ৰলোকহে ।
কোনে জানে !
আজি দৃশ্যত ভাসমান দৃশ্যপট
কাইলৈ হয়তো মোৰ অথবা হ'ব আপোনাৰ
আৰু তেতিয়া ---!!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ