পিতৃ,মাতৃ,সকলৰ বাবে কিমান কষ্টকৰ হয় সেয়া,প্ৰতিজন পিতৃ মাতৃয়ে জানে। সন্তানৰ গাত কাঁইটৰ আচোঁৰ এটা লাগিলেও বুকু কপি উঠা মাতৃ
গৰাকী।নিৰ্বাক,নিস্তব্ধ হৈ নিৰৱে উচুপা পিতৃ গৰাকীৰ বুকুৰ বেদনা কিমানে উপলব্ধি কৰে ?
সন্তানৰ সুখৰ বাবে নিজকে তিল-তিলকৈ শেষ কৰি দিয়া পিতৃ মাতৃ আজিও আছে এই সমাজত।
কিন্তু এজন সুস্থ নাগৰিক হিচাপে গঢ় লৈ সমাজৰ
দহৰ বাবে ,উপকাৰ কৰিবলৈ যাওঁতে ,যদি বিনাদোষত মৃত্যুবৰণ কৰিব লগা হয়,তাতকৈ লজ্জাজনক কথা এই সভ্য বুলি অহংকাৰত উফন্দি থকা সমাজত একো হ'ব নোৱাৰে।
বস্তুবাদী মানসিকতা, হিংসাৰ দাবানলে মানৱতাক
শেষ কৰি পেলাইছে। স্বাৰ্থপৰতাটো কথাই নাই!
বন্ধুত্বৰ দোহাই দি দুদিনমান অন্তৰংগ হ'ব, পাছত সেই বন্ধুৰেই বদনাম ৰটিব?
কি হ'বলৈ গৈ আছে আমাৰ সমাজখনত?
এফালে অভাৱে,বেমাৰে জুৰুলা কৰিছে, আনফালে মানুহ নামধাৰী নৰপিশাচবোৰে সম্ভাৱনা পূৰ্ণ ভৱিষ্যতবোৰ শেষ কৰিছে ?
বিচাৰৰ নামত এখন ভেকোঁভাওনাৰ বাদে একো দেখা নাযায়।
এটা সময়ত সকলো চুপ হৈ পৰে,প্ৰতিবাদৰ ঢৌ মাৰ যায়!
কিন্তু সেই পিতৃ,মাতৃসকল? তেওঁ লোকৰ কি দোষ?
মৃত্যুৰ দিনলৈকে বুকুত একুৰা জুই লৈ কেনেদৰে জীয়াই থাকে,সেই নৰপিশাচবোৰে কিয় নাভাবে?
সিহঁতৰ মাক, দেউতাক নাইনে?এজন মানুহ যদি জন্ম দিব পৰাৰ ক্ষমতা নাই, হত্যা কৰাৰ অধিকাৰ
ক'ত পাই সিহঁতে?
জীৱনৰ শেষ সময়ছোৱাত আজি এই প্ৰশ্নবোৰে বৰকৈ আমনি কৰিছে। মই নিজহাতে তুলি-তালি ডাঙৰ কৰা সৰু ভাইটিটো যিদিনা এটা দূৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল,আজি দহবছৰ পাৰ হোৱাৰ পাছতো জ্বলি আছে বুকুত জুইকুৰা। বহু ৰাতি উজাগৰে যায় তালৈ মনত পৰি!
শেষত কৰযোৰে কাকুতি কৰো,পিশাচবোৰৰ শাস্তি
হওঁক!মানুহক জীয়াই থাকিবলৈ দিয়ক।এনেও
এদিন যাবগৈ লাগিবই, তথাপিও জীয়াই থকা দিন
কেইটা ,দেশৰ বাবে,সমাজৰ বাবে, মানৱতাৰ জয়
গান গাবলৈ চেষ্টা কৰক। হিংসাই দুখৰ বাদে একো
নিদিয়ে।
ফুল,তৰাৰ মাজত,প্ৰেম, ভালপোৱাৰ,জয় গান গাবলৈ চেষ্টা কৰক।
একতাৰ বান্ধোনেৰে সকলোকে বান্ধি ৰাখক।ভুলৰ শুধৰণি আছে।"ৰত্নাকৰ এদিন বাল্মিকী"হৈছিল।
হিংসাৰ শেষ হওঁক ইয়াতেই।।
##############################
✍️মামণি বৰঠাকুৰ, মৰাণ, ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ