দাদা এজনে কৈছিল-
"ঐ পাপন দাৰ গান শুনিছ নে নাই?"
মই প্ৰশ্ন কৰিছিলো কোন পাপন দা!
ইয়াৰ পৰাই আৰম্ভ এই কাহিনী..
সেই যে চিনি নোপোৱা মানুহজন
আজি মোৰ সিৰে সিৰে তেওঁৰ গানৰ প্ৰবাহ
উফ! কিমান যে শান্ত! আৰু নৰম ব্যক্তিত্বৰ মানুহজন!
ভাললগা হৈ পৰিছিল তেওঁৰ প্ৰতিটো গান,
নিয়ৰ সনা গধুলিৰ ৰাগে মুগ্ধ কৰা হিয়াত
বৈঠা মাৰো‘ৰ দপদপনিও কিন্তু হ্ৰাস পোৱা নাছিল,
তেওঁৰ সুৰত বিমোহিত জীৱনত
কিমান কোলাহল নিশা যে শান্ত হৈ পৰিছিল
ঠিকেই নাই!
প্ৰিয়গৰাকীক হেৰুৱাৰ বেদনাত প্ৰায়ে শুনিছিলো
'ভালপাব নিশিকিলো, পাইয়ো হেৰুৱালো
ভালপাব নাজানিলো!'
উফ! কিমান যে প্ৰাণভৰা কণ্ঠ!
কত যে অসমীয়াৰ বুকুৰ নিবাসী আপুনি,
এতিয়াটো আপোনাৰ নাম শুনিলেই বাজি উঠে হৃদয়ত
মন মোৰ উৰি গুচি যায়
কিজানি পাইয়ো হেৰুৱাই।।
🔳চিন্ময় বৰা ।
বিশ্বনাথ চাৰিআলি।