একাঁজলী বিৰহ ২৮-বিটুমনি ভূঞা কোছ

Rinku Rajowar
0
তগৰে কিবা এটা ক'ব খুজিও যেন হঠাৎ নিজকে সংযত কৰি লাহে লাহে আনফালে মুখখন ঘূৰাই দি মুহূৰ্তৰ পাছতে আকৌ ৰনৰ মুখলৈ চাই মিচিকিয়াই হাঁহিলে।অই উঠ! উঠ! ইমান দেৰিকৈ শুই থাকিব নালাগে।মাকে ৰনৰ বাউসীত ধৰি দুটা জোকাৰ দি বকি বকি আঁতৰি গ'ল।বহু সময়লৈ সপোনটো সাৱটি ৰন বিছনাখনত বহি পৰিল।মৰুভূমিৰ দুপৰ উজ্জ্বল খেলাত নিমগ্ন হৈ তৃষ্ণাতুৰ পথিকৰ আকুলতাত খোজবিলাক আগবঢ়োৱা বালিৰ প্ৰতি খোজত মৰুদ্যানৰ স্বপ্ন।কিন্তু সেইয়াযে মাথোঁ মৰিচিকা।

মন্দিৰলৈ উঠি যোৱা ওখ বহল খটখটিটোৰ এদাঁতিয়ে দীঘলকৈ ওৰনিলৈ  লাহে লাহে মন্দিৰৰ ওপৰলৈ উঠি যোৱা তগৰলৈ আঁৰ চকুৰে লক্ষ্য কৰি থাকিল খটখটিটোৰ সিদাঁতিয়ে ৰৈ ৰমাকান্ত পুলিছে।মন্দিৰৰ শংখ ধ্বনি মংগল আৰতি ধূপ-ধুনাৰ গোন্ধৰ মাজত বগা বস্ত্ৰ পৰিহিতা তগৰক  ৰমাকান্তৰ পবিত্ৰতাৰে ফুলিৰোৱা এপাহি পদূমৰ পাঁহি যেন অনুভৱ হল।হঠাৎ তগৰৰ ৰমাকান্তৰ ওপৰত চকু পৰিল।ভয়ংকৰ দুঃশ্চিন্তাত ৰাতিটো কটোৱা তগৰে আকৌ ৰমাকান্ত পুলিছক দেখি চুলিৰ আগত জীৱটো বান্ধি চুঁচৰি  যোৱাৰ দৰে গৈ প্ৰধান প্ৰভূৰ কাষ পালেগৈ।উস্ ৰক্ষা!তগৰে যেন বিপদৰ পৰা ৰক্ষা পৰিল।

প্ৰধান প্ৰভূৱে শ্ৰী কৃষ্ণৰ তিৰোধানৰ লীলা কাহিনীটো সুন্দৰ ব্যাখ্যা আগবঢ়াইছে।প্ৰধান প্ৰভূৰ ভাগৱত পাঠ তগৰে হৃদয়ঙ্গম কৰি লয়। ভগৱান শ্ৰীকৃষ্ণৰ আৰু বন্ধু বৰ্গক দৰ্শন দিবলৈ আৰু পৰৱৰ্তী পৰ্যায়ত কাৰ্য্যক্ৰমণিকাৰ বিষয়ে জানিবলৈ অৰ্জুন দ্বাৰাকালৈ গৈছিল।কেইবামাহো হৈ গ'ল ঘূৰি অহা নাছিল।তেতিয়া মহাৰাজ যুধিষ্ঠিৰে অমঙ্গলীয়া সংকেত কিছুমান নিৰীক্ষণ কৰিবলৈ ধৰিলে।যিবোৰ অতি ভয়ংকৰ আছিল।তেখেতে দেখিবলৈ পাইছিল যে, সময়ৰ গতি ভয়ংকৰ ভাৱে সলনি হৈছে।আৰু ঋতু পৰিৱৰ্তনত বিঘিনি ঘটিছে।জনসাধাৰণৰ মাজত ক্ৰোধ ,লোভ, আৰু মিথ্যাচাৰৰ প্ৰবৃত্তি জাগি উঠিছে।আৰু পাপৰ পথ অনুসৰণ কৰি জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰিছে।পৰিয়ালৰ মাজৰ সাধাৰণ আদান-প্ৰদান আৰু ব্যৱহাৰতো ঠগবাজিয়ে কলুষিত কৰিছে।কালক্ৰমত লোভ,ক্ৰোধ, অহংকাৰ আদি সৰ্বসাধাৰণ প্ৰজাৰ কাৰণে অভ্যাসত পৰিণত হৈ পৰিল।
এই সকলোবোৰ অমংগলীয়া লক্ষণ পৰ্য্যবেশন কৰি যুধিষ্ঠিৰে ভাতৃ ভীমসেনক কৈছিল, --মই অৰ্জুনক তেওঁৰ বন্ধু বৰ্গক ল'গ ধৰিবলৈ আৰু পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ কামৰ আঁচনিৰ বিষয়ে জানিবলৈ দ্বাৰাকালৈ পঠিয়াই ছিলোঁ ।কিন্তু অৰ্জুন যোৱা সাত মাহ হৈ গ'ল ,উভতি অহা নাই।দেৱৰ্ষি নাৰদে সংকেত দিয়াৰ দৰে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই তেখেতৰ জড় জাগতিক লীলা সম্বৰন কৰিব নেকি? 

তগৰে একান্তমনে শুনি শুনি এটা সময়ত টোপনি অহা দৰে চকু দুটাৰ লাগি মূৰটো তললৈ হাউলি আহিল।তাই নিজকে সংযত কৰি ভাগৱত পাঠ শুনা ভক্ত সকলৰ ওপৰত চকু ফুৰালে।পুলিছ জনৰ চকুৱে চকুৱে চকু পৰিলত ওৰনিখন টানি চুপ হৈ প্ৰভূৰ কাষত বহি বুকুখন চাদৰৰ তলেৰে নি হেঁচা মাৰি ধৰিলে।ভাগৱত পাঠৰ পাছৰ খিনি ব্যাখ্যা তাই কাণত নুশুমালে।মনে মগজুৰে পুলিচ জনৰ ভয় সোমাল।এটা সময়ত ভাগৱত পাঠৰ সমাপ্ত হ'ল।সকলো ভক্তই প্ৰভূক সেৱা কৰি উঠি গ'ল।তগৰে উঠিবলৈ লৈ লাহেকৈ বহি পৰিল।কথাটো প্ৰধান প্ৰভূৱে লক্ষ্য কৰিলে।দণ্ডৱত সেৱা কৰি পুলিচজনে প্ৰধান প্ৰভূক ক'লে, প্ৰভূ মোৰ দুখন  হাতৰ দুটা মুঠিত দুটা শব্দ আছে।এটা মানৱীয়তা আনটো কৰ্তব্য।মই কোনখন হাতৰ কাম প্ৰথমে কৰোঁ।প্ৰধান প্ৰভূৱে মিচিকিয়াই হাঁহি মাৰি ক'লে, মই সকলো জানো।এয়া ভগৱান শ্ৰীকৃষ্ণৰ লীলা ৰমাকান্ত।পত্নী মৃত্যুৰ পাছত মন্দিৰৰ সৈতে জড়িত থকাৰ ওপৰিও প্ৰধান প্ৰভূৰ ওচৰত দীক্ষা লোৱা ৰমাকান্ত প্ৰধান প্ৰভূৰ বৰ প্ৰিয়।প্ৰথমে তুমি মানৱীয়তাৰ হাতৰ মুঠিটো ধৰা ৰমাকান্ত। তগৰলৈ চাই প্ৰধান প্ৰভূৱে ৰমাকান্তৰ পৰিচয় দাঙি ধৰিলে।পুলিচৰ দায়িত্বত থাকিলেও ৰমাকান্ত মন্দিৰৰ এজন ভক্ত।আৰু তগৰে বিশ্বাসত লব পাৰে।ভয় কৰিব নালাগে।এজাক শান্তি বতাহে তগৰৰ গাত কোবাই গ'ল  ।

আগলৈ,,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)