সন্মান - সনত কুমাৰ মহন্ত

©Admin
0

মই অফিচটোলৈ সোমাই গৈ দৰ্জাৰ আয়নাৰ ফাকেৰে চাই অফিচাৰজন অইন মানুহৰ সৈতে ব্যস্ত থকা বাবে বাহিৰৰ ওৱেটিং ৰুমটোতে অলপ সময় অপেক্ষা কৰোঁ বুলি বহিবলৈ চকু ঘূৰাই খালী চকী বিচাৰিব খোজতেই এটা কোণত থকা চকীখনত বহাৰ  পৰা উঠি ল'ৰা এজনে মোক বহিবলৈ ক'লে, মই মানা কৰিলোঁ  যদিও ল'ৰাজনে পুনৰবাৰ অনুৰোধ কৰাত বহিলো,লগতে ল'ৰাজনক কৃতজ্ঞতা জনালোঁ আৰু মোবাইলটো লৈ ব্যস্ত হৈ পৰিলোঁ।কেইমিনিট পিছত “আপুনি অলপ আঁতৰত বহক, মই অসুবিধা পাই আছো”-এটা নাৰী কন্ঠস্বৰত মই সন্মুখলৈ চালো। দেখিলোঁ মোক বহিবলৈ চকী এৰি দিয়া ল'ৰাজনে সন্মুখত থকা দুজনীয়া চকীখনত মহিলা গৰাকীৰ অলপ বেছিয়ে ওচৰ চাপি বহিছিল। যাৰ ফলত মহিলা গৰাকীয়ে অশান্তি পাই থিয় হৈ দিলে। মই ঘটনাটোৰ উমান পাই মহিলা গৰাকীক মোৰ চকীখন বহিবলৈ এৰি দিলো।অলপ আগতে ল'ৰাজনলৈ কৃতজ্ঞতাৰে ভৰা মনটো ঘৃণাৰে উপচি পৰিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)