তোমাৰ মৰমৰ মিঠা মাত এষাৰেৰে
নতুন দিগন্তৰ সূচনা কৰিম বুলি।
পাহৰি গৈছিলো
পাহৰি গৈছিলো জানা,
হৃদয়ৰ বাস্তৱ পৃথিৱীক
থানবান কৰি
তুমি যে আছা আজি কেৱল মোৰ
মনৰ কল্পনাৰ পৃথিৱীত।
তোমাক এপলক
পাহৰি যোৱাৰ প্ৰচেষ্টাৰে
চকুযুৰিও যে আজি কৰে
নিদ্ৰাত মগন হোৱাৰ মিছা অভিনয়।
ব্যৰ্থ মোৰ চকুযুৰি
কাৰণ মুদি দিয়া চকুযুৰিৰ
এন্ধাৰৰ মাজতো যে জিলিকি থাকে
তোমাৰে প্ৰতিচ্ছবি।
মাথোঁ এবাৰ আহি
কৈ যোৱানা মোক
থাকিম মই ক'ত
কল্পনাত নে বাস্তৱত?
🔳মোহাইমিনুৰ ৰহমান ।
জিলা:নলবাৰী,অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ