অনুভৱ- মনোৰমা দাস

©Admin
1
অনুভৱৰ দোকমোকালিতে ৰোপণ কৰা
কবিতাৰ অংকুৰটোৱে
ৰুগ্ন হৃদয়ৰ বৃক্ষ জোপাক 
উশাহ দিব বিছাৰিছো

বন্দীত্ব-পীড়িত বহুজনৰ দৰে
মোৰো এটি সাধাৰণ জীৱন

সংগ্ৰাম মানেই জীৱন
জীৱন মানেই সংগ্ৰাম
সংগ্ৰাম কৰিবলৈ জীৱনক লাগে
প্ৰাথমিক জ্ঞান
সেয়ে ঈশ্বৰক ভয় কৰাটোৱে
জীৱনৰ আৰম্ভণ

আকৌ কোৱা হয় 
জীৱন মানেইটো সেউজীয়া ৰং
সেউজীয়া ৰং মানেইটো
জীৱনৰ প্ৰগতি

সংঘাতে হৃদয়ৰ ডেউকা ভাঙিব পাৰে
বিনাশ কৰিব পাৰে
হৃদয়ৰ নীলা সেউজীয়া ডফাবোৰ

অনুশোচনা অৱকাশৰ অধীন বাবেইটো
সংস্কাৰ হয় জীৱনত
ইতিসাহেও তাকেই কয়।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. Thank u so much. Have a nice,beautiful, healthy good morning. U S A

    ReplyDelete
Post a Comment