অৱসৰ-মৌচম হাজৰিকা

©Admin
0
আজি তোমাৰ 
অৱসৰ লোৱাৰ দিন 

কেইদিনমানৰ আগতে 
সিহঁতে অৱসৰ লৈছিল 

কেইদিনমানৰ পিছত
মইও অৱসৰ ল'ব লাগিব 

আৰু বেছি দিন বাকী নাই 

কিছু বছৰ আগেয়ে
সামৰণি পৰিছিল 
আমাৰ ছাত্ৰ জীৱন 

কিছু বছৰ আগেয়ে
আৰম্ভ হৈছিল
আমাৰ চাকৰি জীৱন 

চাকৰিৰ পৰিক্ৰমাত
কেতিয়াবা পদবী লৈছোঁ
কেতিয়াবা পদবী এৰিছোঁ

অফিচ আৰু ফাইল ,
কিমান যে হ'লো ঘাইল 

সহকৰ্মী আৰু প্ৰতিদ্বন্দ্বী 
কিমান যে হ'লো বন্দী 

কেতিয়াবা আঁচনিৰ মাজত
কেতিয়াবা নিৰ্দেশৰ মাজত 

কেতিয়াবা সময়ৰ মাজত
কেতিয়াবা অসময়ৰ মাজত 

কেতিয়াবা নিষ্ঠাৰ মাজত
কেতিয়াবা বিতৃষ্ণাৰ মাজত 

কেতিয়াবা স্বীকৃতিৰ মাজত
কেতিয়াবা তিৰস্কাৰৰ মাজত 

সময় ঘড়ীৰ কাঁটা ঘূৰিল
বছৰ বাগৰিল 

কৰ্তব্যৰ বান্ধোন
শিথিল হ'বলৈ আৰু
বেছি দিন বাকী নাই 

নামৰ কাষত থকা 
পদবীটো সৰি পৰিবলৈ 
বেছি দিন বাকী নাই 

চিনাকি অফিচ 
অচিনাকি হ'বলৈ
বেছি দিন বাকী নাই 

অৱসৰ লোৱাৰ দিন 
আহিবলৈ মোৰ বাবেও 
বেছি দিন বাকী নাই 

অৱসৰ জীৱনেই 
ভাল কিজানি 

চাকৰিৰ বান্ধোন নাই
পদবীৰ বান্ধোন নাই 

অৱসৰ জীৱনেই 
ভাল কিজানি 

প্ৰতিযোগিতাৰ দৌৰ নাই
প্ৰতিদ্বন্দ্বীতাৰ যুঁজ নাই 

অৱসৰ জীৱনেই 
ভাল কিজানি 

নিজক বুজিব পাৰি
আনক চিনিব পাৰি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)