ব্যতিক্রমী প্ৰেম- চিন্ময় বৰা

©Admin
0
এতিয়া নোহোৱা হৈছে জীয়াই থকাৰ পথ ,
তথাপিও যে জীয়াই আছোঁ 
(আনকি আপোনাৰ সংগৰ সহায়তো) 
এইয়াই মোৰ প্ৰতি থকা আপোনাৰ ভালপোৱা , 
বুজিছে ! আপুনি আনৰ আগত দেখুওৱাৰ প্ৰয়োজনে নাই
কিমান যে ভালপাই মোক , 
আপোনাৰ সান্নিধ্যত মৰহা ফুলপাহো জীয়াবলৈ 
চেষ্টা কৰা দেখি আনে নিজেই গম পাব
কিমান যে মৰম মই প্ৰতিদিনে গ্ৰহণ কৰোঁ
মোৰ প্ৰিয়া কিম্বা প্ৰিয়তমাৰ পৰা
বিনামূল্যে , বিনাদ্বিধায়ে। 
আৰু কি জানে ? 
মোক নালাগেও আন কাকো 
এই হৃদয় এতিয়া মাথোঁ আপোনাৰ প্ৰেমতে মাতাল, 
মই ক'ব পাৰিম সমগ্ৰ জগতত
আপুনি যে মোৰ প্ৰেয়সী, 
জীৱনৰ প্ৰতিটো আবেলিত আপোনাৰ হাতত হাত থৈ
মই ক'ব পাৰিম ; মোৰ কিমান যে আপোন আপুনি , 
এতিয়া মাথোঁ আপোনাৰ সংগতে 
মোৰ হৃদয়ে নাচে , 
আপোনাৰ পৰশতে মোৰ জীৱন চলে , 
আপোনাৰ কাষতে মোৰ উশাহেও
এতিয়া স্বস্তিৰ শ্বাস পায় !

✍🏻চিন্ময় বৰা। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)