পোহৰ শলিতা

নিৰৱ নিস্তব্ধ বৈৰাগী অধিনায়ক
শৃংখল সহিষ্ণুতা মেৰপাকৰ
উজগৰী পোহৰী মই!

উত্তৰ বিচাৰি,
প্ৰশ্ন হেৰুৱাই
নিঠৰুৱা অভাগিনি মই।

পাম বুলি উত্তৰ বিচাৰি
মেলি দিলো জীৱন পৰিক্ৰমা।

বিশ্বাস!

পাতনি জিলিকি,
নৱ সূৰুযৰ কিৰণে
পোহৰ প্ৰতিসৰিত কৰি
বিশ্বব্ৰহ্মাণ্ড জিলিকাই তুলিব।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send